মুখ্য-পৃষ্ঠা

বঢ়মপুৰ সমষ্টিৰ উপ জিলাৰ সদৰ কাৰ্য্যালয় বঢ়মপুৰত স্থাপনৰ দাবী...

Asomiya Pratidin

ডিজিটেল সংবাদ , বঢ়মপুৰঃ ৰাজ্য চৰকাৰে ঘোষণা কৰা উপ-জিলাকলৈ বৃহত্তৰ বঢ়মপুৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ উপ জিলাৰ সদৰ কাৰ্যালয় স্থানকলৈ এতিয়া সাধাৰণ জনতাৰ মাজত সৃষ্টি হৈছে কল্পনা-জল্পনা । বঢ়মপুৰ উপ জিলাৰ সদৰ কাৰ্যালয় কামপুৰত স্থাপন কৰাৰ কথা চৰ্চালৈ অহাৰ পিছতে এতিয়া বৃহত্তৰ বঢ়মপুৰৰ অঞ্চলে অঞ্চলে নাগৰিক সভা অনুষ্ঠিত কৰি ইয়াৰ তীব্র বিৰোধিতা কৰিছে। চৰকাৰী পক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ননৈ বাৰেগঞা মন্দিৰ প্ৰাংগণত আজি এক নাগৰিক সভা অনুষ্ঠিত কৰা হয়।

বিশিষ্ট শিক্ষাবিদ শম্ভুৰাম বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অঞ্চলটোৰ ভালেসংখ্যক সমাজ সচেতন ব্যক্তি উপস্থিত থকাৰ লগতে চামগুৰি নাগৰিক সভাৰ উপসভানেত্ৰী মণিকা হাজৰিকা , সম্পাদক মৌচুম জ্যোতি বৰা , পুৰণিগুদাম নাগৰিক সভাৰ যুটীয়া সম্পাদক প্ৰাণকৃষ্ণ ডেকা , নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰা, সমাজকর্মী তথা শিশু বন্ধু দুলাল বৰা ,বঢ়মপুৰ নাগৰিক সভাৰ মুখ্য উপদেষ্টা দয়াৰাম কলিতা, সম্পাদক ৰাতুল ভূঞা , উপসভাপতি প্ৰদীপ শইকীয়া , যুটীয়া সম্পাদক খগেন কুমাৰ গগৈ আদি কৰি বৃহত্তৰ ননৈ অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

আজি সভাই সৰ্বসন্মতি ক্ৰমে শম্ভূৰাম বৰাক সভাপতি আৰু জ্যোতিপ্ৰসাদ ভূঞা আৰু আবু বক্কৰ ছিদ্দিকিক যুটীয়া সম্পাদক হিচাপে লৈ এক শক্তিশালী নাগৰিক সভা গঠন কৰে। নাগৰিক সভা ননৈয়ে চৰকাৰৰ ওচৰত নৱ গঠিত বঢ়মপুৰ উপ-জিলাৰ সদৰ কাৰ্যালয় বঢ়মপুৰ সমষ্টিৰ মধ্য ভাগত অৰ্থাৎ বঢ়মপুৰত স্থাপনৰ দাবী জনায়। ইয়াৰ ওপৰিও ননৈ নাগৰিক সভাই আগন্তুক দিনত ননৈ বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ ননৈৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি জানিবলৈ দিয়ে।