মুখ্য-পৃষ্ঠা

বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ,বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দেশৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় । কাৰ্য্যসূচী অনুসৰি পুৱা ৯ বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়ৰ উপ-সভানেত্ৰী তথা শিঙিয়া পোতনি মৌজাৰ মৌজাদাৰনী মাধন শইকীয়াই ।

ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক লোকসেৱক হলধৰ ভূঞাৰ প্ৰতিমূৰ্তিত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গুণ বৰাই পুষ্পাঞ্জলি প্ৰদানেৰে আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৱজ্যোতি নাথে বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে ।

তেওঁলোকৰ লগতে শ্ৰীমন্ত শংকৰ মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মা, উদযাপন সমিতিৰ সদস্য বলিন বৰা , বঢ়মপুৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰীনা দাস বৈষ্ণব, বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্র-ছাত্ৰীসকলে পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জনায় ।

ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গুণ বৰা আৰু সহ: শিক্ষক ভূপেন শৰ্মাই বৃক্ষৰোপণ কাৰ্য্যসূচী মুকলি কৰে। ৰীনা দাস বৈষ্ণৱে আঁত ধৰা এই অনুষ্ঠানৰ পিছত প্ৰধান শিক্ষয়িত্ৰীৰ নেতৃত্বত বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সম্পৰ্কত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয় । সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ অন্ত পৰে ।