মুখ্য-পৃষ্ঠা

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী : বোকাখাত জাতীয় বিদ্যালয়ত 'গীত-মাতৰ আবেলি ২০২৪' শীৰ্ষক অনুষ্ঠান

ব্যক্তিগত শিল্পসাধনাই বিজ্ঞাপনধৰ্মী শিল্পীৰহে জন্ম দিয়ে ,আনহাতে সামূহিক শিল্প সাধনাই এখন সমাজৰ উৎকৰ্ষ সাধনত আহুপুৰুষাৰ্থ কৰে : সপোন জ্যোতি ঠাকুৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাত : সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মঙলবাৰে 'প্ৰয়াস অধ্যয়ন চক্ৰ'ৰ সহযোগত তথা বোকাখাত জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান 'গীত মাতৰ আবেলি' অনুষ্ঠিত হয়। বিগত বৰ্ষবোৰৰ সাংস্কৃতিক ধাৰাবাহিকতা অব্যাহত ৰাখি এই বৰ্ষতো গীত মাতৰ আবেলি উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰে গণ সংগীতকে ধৰি জনগোষ্ঠীয় নৃত্যৰ পৰা চিৰসেউজ অসমীয়া গীত-মাত, ভায়লীন বাদন, তবলা বাদন, লোকবাদ্য বাদন, মূকাভিনয়, নৃত্যালেখ্য, একাংকিকা নাট, আবৃত্তিলৈকে ভালেমান মননশীল কাৰ্যসূচী।

অনুষ্ঠানটোৰ মঞ্চ উদ্বোধক হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ, পৰিচালক সপোন জ্যোতি ঠাকুৰ। উদ্বোধনী ভাষণ প্ৰসংগত বিশিষ্ট নাট্যকাৰগৰাকীয়ে বোকাখাত জাতীয় বিদ্যালয়ে গীত মাতৰ আবেলি উপলক্ষে কৰা ছাত্ৰ-ছাত্ৰসকলৰ সামূহিক কৰ্ষণক প্ৰসংসা কৰে।

তেঁও কয়- শিল্পৰ সাধনা দুই প্ৰকাৰে হয় - ব্যক্তিগত শিল্প সাধনা আৰু সামূহিক শিল্প সাধনা। ব্যক্তিগত শিল্পসাধনাই এজন অমিতাভ বচ্ছনৰ জন্ম দিয়ে যি গুটখাৰ বিজ্ঞাপন দিয়ে। আনহাতে সামূহিক শিল্প সাধনাই এখন সমাজৰ উৎকৰ্ষ সাধনত আহুপুৰুষাৰ্থ কৰে। শুভেচ্ছামূলক ভাষণ আগবঢ়াই লেখিকা নিজৰা বৰঠাকুৰে।

উদ্বোধনী অনুষ্ঠানটোতে বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী 'ৰ’দালী' উন্মোচন কৰে বোকাখাত জেডিএছজি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গোপিকানন্দ শইকীয়াই। লগতে ছাত্ৰাবাসৰ পৰা প্ৰকাশিত হাতেলিখা আলোচনী 'যাত্ৰা' উন্মোচন কৰে চিএনবি মহাবিদ্যালয়ৰ উদ্ভিদ বিদ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তুলসী বৰাই ।

উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে লেখিকা নিজৰা বৰঠাকুৰ, অভিনেতা অমৰ কাকতি, মনো বৰা, বীৰেন দাস, প্ৰদীপ বৰুৱা, নীৰেন কাকতি, সুবৰ্ণ শইকীয়া, জিতু শৰ্মা ৰাজখোৱা, নীলু আচাৰ্য, কল্পনা চেতিয়া, গীতাঞ্জলী কলিতা, মিনতি দলে, মৃদুস্মিতা শৰ্মা, অসীম বৰুৱা, আব্দুৰ ৰাজ্জাক, দীপক শৰ্মা, ৰিজুমণি বৰা হাজৰিকা, সত্যেন শইকীয়া, ড⁰ বৰ্নালী বৰুৱা, নিলোৎপল গায়ন, অনুপম বৰদলৈকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি।

বিদ্যালখনৰ অধ্যক্ষ ইনজু আহমেদে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ভাৰত-ছোভিয়েট মৈত্ৰী বঁটাপ্ৰাপক জনসুহৃদ চিদানন্দ শইকীয়া স্মাৰক বৃত্তি ( ২০২৩- ২৪ শিক্ষাবৰ্ষ ) জৈষ্ণৱ চৌখাম আৰু অভ্ৰনীলা শ্ৰাৱণীক, বিদ্যালয়ৰ শ্ৰেষ্ঠ ছাত্ৰ বঁটা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা মেনকা পাটগিৰিক আৰু শ্ৰেষ্ঠ উপস্থিতিৰ বঁটা অংশুমান হাজৰিকাক প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জাতীয় বিদ্যালয়ৰ শীৰ্ষ গীত পৰিৱেশন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰমঞ্চই।

শিক্ষয়িত্ৰী ঈপ্সিতা দত্ত আৰু শিক্ষক ৰাজু কাথাৰে আঁত ধৰা আদৰণি অনুষ্ঠানৰ পাছতেই বাকী অনুষ্ঠানসমূহ পৰিচালনা কৰে ক্ৰমে অনুসূয়া ফুকন, বিৰিণা নৰহ, অৰ্পিতা শৰ্মা, দীক্ষিতা দীক্ষিত, মিগম মিলি, ইমন কল্যাণ, সুকন্যা নাথ, চয়নিকা বৰা, নিৰিবিলি ভৰালী, ডঁৰিয়লি হাজৰিকা, প্ৰিয়াক্ষী বৰা আৰু বাসৱ হাজৰিকাই।

উল্লেখযোগ্য সত্ৰীয়া নৃত্য গুৰু নীৰেন কাকতিৰ এটি সত্ৰীয়া নৃত্য সংৰচনা, বিদ্যালয়খনৰ বিগত বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা ইমন কল্যাণে পৰিৱেশন কৰা কেশৱ মহন্তৰ জনমুখী এটি গীত আৰু ৰাতুল ফুকনৰ পৰিচালনাৰে সপোন জ্যোতি ঠাকুৰৰ নাটক এদিন ঘৰত অকলে'য়ে' গীত মাতৰ আবেলি' অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদে।