মুখ্য-পৃষ্ঠা

বোকাখাতৰ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বেদখল শীঘ্ৰে মুক্ত কৰাৰ দাবী স্থানীয় ৰাইজৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাতঃ ১৯৬০ চনত প্ৰয়াত সাম্যবাদী নেতা তথা গোলাঘাট জিলাৰ আধুনীক কুৰুৱাবাহীৰ নিৰ্মাতা প্ৰয়াত কমলেশ্বৰ ৰাজখোৱাৰ নেতৃত্বত আৰু এচাম শিক্ষানুৰাগীৰ আশাশুধীয়া পৰিশ্ৰমৰ মাজেৰে গঢ় লোৱা কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূমি অবৈধ ভাৱে দখল কৰি শিক্ষানুষ্ঠানটোলৈ বিপদ কঢ়িয়াই আনিছে এটা দুষ্ট চক্ৰই।

বিদ্যালয়খনৰ খেলপথাৰখনৰ এটা অংশ অবৈধ ভাৱে দখল কৰিছে দুষ্ট চক্ৰটোয়ে। ১৯৬৩ চনতেই সেই সময়ৰ ঐতিহাসিক কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ যোগানন্দ দেৱ গোস্বামীয়ে বিদ্যালয়খনৰ খেলপথাৰৰ বাবে প্ৰদান কৰা ভূমিতেই এতিয়া অঞ্চলটোৰ যুৱ ব্যৱসায়ী মৃণাল শইকীয়া আৰু তেওঁৰ সহযোগীয়ে নিজৰ মইমতালিৰে এখন ব্ৰইলাৰ ফাৰ্ম খুলি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে।

ইফালে এই বেদখলৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযোগ কৰাৰ পাছত ২০২৩ চনতেই ৰাজহ চক্র বিষয়া কার্যালয়ে ১১/৫/২০২৩ তাৰিখে জাৰি কৰা এক জাননী যোগে ১৪ দিনৰ ভিতৰত উক্ত বেদখল মুক্ত কৰিবলৈ নিৰ্দেশ দিছিল যদিও বৰ্তমানলৈকে বেদখল মুক্ত নকৰি পূৰ্বতকৈও অধিক ভূমিহে বেদখল কৰা কাণ্ডত লিপ্ত হৈছে যুৱ ব্যৱসায়ীজন।

ইফালে এই ভূমি বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে যথোচিত গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। শনিবাৰে বিদ্যালয়খনৰ খেলপথাৰত আয়োজিত এখন ৰাজহুৱা সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বকুল শৰ্মায়ে উক্ত বিষয়ত বেদখলকাৰীৰ সৈতে গোপন বুজাবুজিৰে বিদ্যালয়খনৰ ভূমি বেদখল মুক্ত কৰাৰ পৰিবৰ্তে বেদখলকাৰীৰ পক্ষত থকাৰহে গুৰুতৰ অভিযোগ উত্থাপন কৰিলে স্থানীয় ৰাইজে।

সেই মৰ্মে উক্ত সভাতেই স্থানীয় ৰাইজে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীৰ তাৎক্ষণিক পদত্যাগ দাবী কৰাৰ লগতে এখন বিদ্যালয় ভূমি সুৰক্ষা সমিতি গঠন কৰি এতিয়াৰে পৰা উক্ত বেদখলৰ ক্ষেত্ৰত সমিতিয়ে নিজাকৈ ব্যৱস্থা গ্ৰহনৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে ১৯৬৩ চনতেই উক্ত ভূমি কুৰুৱাবাহী সত্ৰই যিহেতু বিদ্যালয়খনক প্ৰদান কৰিছিল গতিকে এই ক্ষেত্ৰত সত্ৰৰ এক কঠোৰ হস্তক্ষেপ দাবী কৰিছে ভূমি সুৰক্ষা সমিতিয়ে।

উল্লেখযোগ্য যে কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উক্ত বেদখলিকৃত খেলপথাৰখনে ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰখনতো এক ঐতিহাসিক ভূমিকা পালন কৰি আহিছে। ধাৰাবাহিক ভাৱে উক্ত খেলপথাৰখনতেই বিগত ৬৩ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে প্ৰয়াত হেম বৰা আৰু অৰুণ বৰা স্মৃতি ফুটবল প্ৰতিযোগিতা। যি ৰাজ্যখনৰ গ্ৰাম্য ক্ৰীড়াৰ ক্ষেত্ৰখনতেই বিৰল বুলি চিহ্নিত হৈ অহাৰ লগতে যঠেষ্ট সংখ্যক ক্ৰীড়া প্ৰতিভাক বিকশিত কৰি আহিছে। গতিকে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখনলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই অহা খেলপথাৰখনত হোৱা এই অবৈধ দখল শীঘ্ৰে মুক্ত কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে ক্ৰীড়া অনুৰাগী ৰাইজেও।