মুখ্য-পৃষ্ঠা

বলিউডৰ সংগীত পৰিচালক জীতু শৰ্মাক সম্বৰ্দ্ধনা

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটী: ৮০ দশকতে বলিউডত সংগীত পৰিচালক হিচাপে প্ৰতিষ্ঠিত হোৱাজীতু শৰ্মাক পৰাগজ্যোতি প্ৰকাশন"ৰ উদ্যোগত উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। প্ৰথিতযশা সংগীত পৰিচালক, অসমীয়া, হিন্দী, বাংলা, গুজৰাটী, জম্মুৰ প্ৰচলিত ভাষা 'ডগৰী'ৰ অসংখ্য বোলছৱি, ধাৰাবাহিকৰ সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ জীতু-তপন যুটীৰ জীতু শৰ্মাক শুকুৰবাৰে মহানগৰীৰ ঘোঁৰামাৰাস্থিত নিজ বাসভৱনত সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

ড‌০ ভূপেন হাজৰিকা, লতা মঙ্গেশকাৰ, মহম্মদ ৰফি, কিশোৰ কুমাৰ, আশা ভোশলে, মান্না দে, মহেন্দ্ৰ কাপুৰ, ঊষা মঙ্গেশকাৰ, সুমন কল্যাণপুৰ, উদিত নাৰায়ণ আদি লব্ধপ্ৰতিষ্ঠ কন্ঠশিল্পীসকলে জীতু-তপন যুটীৰ সংগীত পৰিচালিত গীত পৰিৱেশন কৰিছিল। সম্পূৰ্ণ শান্ত দৰ্শন, উৰ্ষি উৰাণ, গংগা কিৰাণে, নাগিন আৰু নাগিনী, দিন দেহেৰে, কচম জোথ কি, ৰাণী আৰু মহাৰাণী, খোজ, ডোৰিয়া আদি‌ অসংখ্য জনপ্ৰিয় আৰু বহুল সমাদৃত বোলছৱিৰ সংগীত পৰিচালক জীতু -তপন ।

সম্বৰ্দ্ধনা প্ৰদান অনুষ্ঠানত অংশ লৈ আকাশবাণী, গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা সংগীত পৰিচালক অৱনী ৰঞ্জন পাঠকে কয়- "বৰ্তমান সময়ত সস্তীয়া সংস্কৃতিৰে ভৰি পৰিছে । লাৰে-লাপ্পা গীত, সুৰে সংগীতৰ পথাৰখন চানি ধৰিছে । তাৰ পৰিবৰ্তে জীতু-তপন যুটীয়ে মাটি -পানীৰ‌ গীত, সংগীতে আকাশ কঁপাই তুলিছিল।" প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আত ধৰা অনুষ্ঠানত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, "সাহিত্য কোঁৱৰ" কমল কলিতাই কয়- "আমি আজিৰ প্ৰকৃত শিল্পীক‌ বিচাৰি উলিয়ায় পৰা‌ নাই । শিল্প-সংস্কৃতিৰে জীৱন অতিবাহিত কৰাসকলক চৰকাৰে যথোচিত ধৰণেৰে গুৰুত্ব আৰোপ কৰিব‌ লাগে। তেওঁলোকক দুখত‌ পৰিব‌ দিব‌‌ নালাগে।"

অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট কবি - সাহিত্যিক শচীন দাসে‌ সভাত অংশগ্ৰহণ কৰি কয়- "জীতু শৰ্মাৰ‌ দৰে বলিউডত প্ৰতিষ্ঠা লাভ কৰা শিল্পীসকলক অসম চৰকাৰ,‌ ভাৰত চৰকাৰে সন্মানপূৰ্বক‌ ভাৱে যথোচিত ধৰণেৰে গুৰুত্ব দিব লাগে।" বিশিষ্ট কন্ঠশিল্পী,‌ গীতিকাৰ ‌ডিজেন কাকতিয়ে সভাত অংশ লৈ কয়- "শিল্পী, সাহিত্যিকক সন্মান কৰিলেহে দেশ‌ এখন আগুৱাই যায়। এই ক্ষেত্ৰত শিল্পী, সাহিত্যিকসকলোৰো ভূমিকা আদৰ্শবান হ'ব লাগিব।"

পৰাগজ্যোতি প্ৰকাশনৰ সচিব, লেখক দীপক শৰ্মাই কয়- জীতু-তপন যুটীক ভাৰত চৰকাৰৰ‌ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত বটা প্ৰদানৰ ব্যৱস্থা কৰি দিব লাগে অসম চৰকাৰে । অনুষ্ঠানত শিল্পী পত্নী দীপিকা শৰ্মা, নিলাঞ্জনা শৰ্মা আদিসকলেও অংশ গ্ৰহণ কৰে।