মুখ্য-পৃষ্ঠা

বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 'ছহিদ' পত্ৰিকা উন্মোচন...

Asomiya Pratidin

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰ অঞ্চলৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে এক উন্মোচনী সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষৰ বিশেষ সংখ্যা হিচাপে বিদ্যালয়খনত " ছহিদ" নামৰ এখন পত্ৰিকা উন্মোচন কৰা হয় ।

বিশিষ্ট সংস্কৃত পণ্ডিত, শিক্ষাবিদ ড° সুনীল গোস্বামীয়ে পত্ৰিকাখন উন্মোচন কৰে । ১৯৫০ চনতে স্থাপিত হোৱা বিদ্যালয়খনৰ ৭৫বছৰীয়া যাত্ৰাত শ্বহীদসকলৰ ত্যাগ আৰু কৰ্মৰাজি বৰ্তমান প্ৰজন্মৰ মাজত বিলাই দিয়াৰ প্ৰচেষ্টা বুলি অভিহিত কৰে এই পত্ৰিকাখনে। সভাত অঞ্চলৰ বহু কেইজন গণ্য মান্য ব্যক্তি, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।