মুখ্য-পৃষ্ঠা

নিযুক্তিৰ অভাৱত বন্ধ হৈ আছে চলচলি জলাহগাঁৱৰ অংগনাবাড়ী কেন্দ্ৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নিযুক্তিৰ অভাৱত এতিয়া বন্ধ হৈ পৰিছে নগাঁৱৰ চলচলি জলাহগাৱঁৰ এটা অংগনাবাদী কেন্দ্ৰ। ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ অধীনস্থ চলচলি জলাহগাৱঁৰ অংগনাবাড়ী কেন্দ্ৰটোৰ কৰ্মী আৰু সহায়িকাই আজিৰ পৰা ডেৰ বছৰ পূৰ্বেই অৱসৰ গ্ৰহণ কৰিছিল। ইয়াৰ পাছতে নতুন নিযুক্তিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই সাক্ষাৎকাৰো অনুষ্ঠিত কৰিলে কিন্তু আজি পৰ্যন্ত অংগনাবাড়ী কেন্দ্ৰটোত কৰ্মী-সহায়িকা নিযুক্তি নিদিয়াৰ বাবেই এতিয়া বিপদত পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল।

শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে গাওঁখনৰ প্ৰায় অৰ্ধশতাধিক কণমানি ছাত্ৰ-ছাত্ৰী। আনফালে সঠিক সময়ত বিভাগীয় কৰ্তৃপক্ষই কৰ্মী-সহায়িকা নিযুক্তি নিদিয়াৰ ফলতেই এতিয়া ভূত বাংলালৈ পৰিণত হৈছে অংগনাবাড়ী কেন্দ্ৰটো। হাবিয়ে-জংঘলে কেন্দ্ৰটো আৱৰি ধৰাৰ লগতে এপদ এপদকৈ সকলো সা-সামগ্ৰী বিনষ্ট হৈ পৰিছে।

উল্লেখ্য যে, এতিয়া স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক অনতিপলমে কেন্দ্ৰটোত কৰ্মী-সহায়িকা নিযুক্তি দি ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে চৰকাৰী সম্পত্তিৰো সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।