মুখ্য-পৃষ্ঠা

পেটৰ পৰা মূৰৰ লৈকে বেমাৰৰ সৃষ্টি কৰে ব্ৰেডে...

Asomiya Pratidin

ডিজিটেল ডেস্ক: ব্ৰেড অধিকাংশ লোকৰেই প্ৰিয়।বিভিন্ন ধৰণে বিভিন্ন সময়ত আমি ব্ৰেড খাওঁ। কিন্তু সকলোৰে প্ৰিয় ব্ৰেড প্ৰকৃততে স্বাস্থ্যৰ পক্ষে হানিকাৰক। ইয়াত প্ৰ'টিন বা আন কোনো ভিটামিন নাথাকে। ই শৰীৰৰ পাচন তন্ত্ৰ দুৰ্বল কৰে। যাৰ ফলত আমাৰ বহুতো স্বাস্থ্য সম্পৰ্কীয় সমস্যা হ'ব পাৰে।আজি ব্ৰেডৰ স্বাস্থ্য অপকাৰিতাৰ বিষয়ে জানো আহক-

উচ্চ ছ'ডিয়াম

ব্ৰেডত যথেষ্ট পৰিমাণে ছ'ডিয়াম থাকে, যি শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক। ইয়াৰ ফলত ৰক্তচাপ আৰু হৃদৰোগ হ'ব পাৰে। ব্ৰেড খোৱাৰ ফলত শৰীৰত নিমখ যথেষ্ট পৰিমাণে জমা হয়। যিয়ে হৃদআক্ৰমণ সম্পৰ্কীয় সমস্যা বৃদ্ধি কৰে।

মেদবহুলতা

আজিকালিৰ প্ৰজন্মই  ব্ৰেডৰে তৈয়াৰী খাদ্য খায় খুব ভাল পায়। কিন্তু ইয়াত যথেষ্ট পৰিমাণে কেলৰি থাকে। যাৰ ফলত মেদবহুলতাৰ সমস্যা হয়।

ভৰ্তি নহয় পেট

বহুলোকে পেট ভৰাবলৈ ব্ৰেড গ্ৰহণ কৰে। কিন্তু প্ৰকৃততে কেতিয়াও পাকস্থলী ভৰ্তি নকৰে।

পেটৰ সমস্যা

ব্ৰেডত যথেষ্ট পৰিমাণৰ গ্লুটেন থাকে। যিয়ে বিভিন্ন পেটৰ সমস্যাৰ সৃষ্টি কৰে।সেয়েহে যদি সুস্থ হৈ থাকিবলৈ বিচাৰে, তেন্তে ব্ৰেড আৰু নাখাব।

উচ্চ কাৰ্বোহাইড্ৰেট

ব্ৰেডত যথেষ্ট  পৰিমাণৰ কাৰ্বোহাইড্ৰেট থাকে। যি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। অত্যাধিক ব্ৰেড খোৱাৰ ফলত ৰক্ত শৰ্কৰা বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। যিয়ে ডায়েবেটিচ ৰোগ আৰু মস্তিষ্কৰ ক্ষতিৰ আশংকা বৃদ্ধি কৰে।