dangor khabar  
মুখ্য-পৃষ্ঠা

মেঘালয়ত ভয়ংকৰ ঘটনাঃ বিএছ এফ জোৱানক স্থানীয় লোকৰ আক্ৰমণ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। চোৰাং চেনি নিবলৈ অহা ৩০-৩৫জনীয়া বাংলাদেশী চোৰাং ব্যৱসায়ী দল এটাক আটক কৰিবলৈ গৈ স্থানীয় ভাৰতীয় নাগৰিকৰ আক্ৰমণৰ বলি হয় বিএছ এফৰ এটা দল। ভাৰতীয় মহিলাই কুঠাৰেৰে আক্ৰমণ কৰি এগৰাকী বিএছ এফ জোৱানক গুৰুতৰ আহত কৰাৰ লগতে শিলগুটি নিক্ষেপ কৰাৰ ফলত আন এজন বিএছ এফ জোৱান আহত হয়।‌ ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ কুলিয়াঙ বাংলাদেশ সীমান্তত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

বিএছ এফে জানিবলৈ দিয়া মতে, স্থানীয় ভাৰতীয় গাঁওবাসীৰ সহযোগত মেঘালয়- বাংলাদেশ সীমান্তৱৰ্তী উন্মুক্ত কুলিয়াঙ সীমান্তৰে বুধবাৰে নিশা ৩০-৩৫জনীয়া বাংলাদেশৰ এটি চোৰাং ব্যৱসায়ীৰ দল চোৰাং চেনি নিবলৈ কুলিয়াঙত প্ৰৱেশ কৰিছিল।‌ একাংশ ভাৰতীয় নাগৰিকে কুলিয়াঙত মজুত কৰি ৰখা চোৰাং চেনি নিবলৈ বাংলাদেশীৰ দলটো ভাৰতত অনুপ্ৰৱেশ কৰিছিল।‌ এই খবৰ পোৱাৰ লগে লগে বি এছ এফৰ ১৭২ নম্বৰ বেটেলিয়নৰ দল এটা সেই স্থানত গৈ উপস্থিত হয়।

বিএছএফৰ দলটোক দেখা মাত্ৰকে বাংলাদেশী দুষ্কৃতিকাৰীসকল ততাতৈয়াকৈ তাৰ পৰা কুলিয়াং গাঁৱৰফালে পলায়নৰ চেষ্টা চলায়। বাংলাদেশী‌ দুষ্কৃতি কাৰীসকলক আটক কৰিবলৈ বিএছ এফৰ দলটোও পিছে পিছে খেদি যায়। বাংলাদেশী কেইজনক নিৰাপদে বাংলাদেশলৈ পলুৱাই পঠিওৱাৰ স্বাৰ্থত বি এছ এফৰ দলটোক বাধা প্ৰদান কৰে স্থানীয় গাওঁবাসীয়ে। স্থানীয় লোকসকলে বিএছ এফৰ দলটোলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ লগতে গালি-গালাজ আৰু ভাবুকি প্ৰদান কৰে।

ইয়াকে লৈ দুয়ো পক্ষৰ মাজত কাজিয়াৰ সুত্ৰপাত হয়। ইয়াৰ মাজতে এগৰাকী ভাৰতীয় মহিলাই বিএছএফৰ এজন জোৱানক কুঠাৰেৰে আক্ৰমণ কৰে। আক্ৰমণত জোৱানজনৰ সোঁহাত আঘাতপ্ৰাপ্ত হয়। আন এজন বি এছ এফ জোৱানক শিলগুটি নিক্ষেপ কৰাত তেওঁৰ বাওঁহাত আঘাতপ্ৰাপ্ত হয়। পিচত বিষয়টো স্থানীয় উমকিয়াঙ আৰক্ষী চকীক অবগত কৰোৱা হয়।‌

উল্লেখ্য যে কুলিয়াং গাঁওখন বাংলাদেশ সীমান্তৰ ওচৰত অৱস্থিত। উন্মুক্ত এই এলেকাৰে প্ৰায়ে বাংলাদেশলৈ চোৰাং সামগ্ৰী সৰবৰাহ কৰা হয়।‌ স্থানীয় ভাৰতীয় চোৰাং ব্যৱসায়ীয়ে প্ৰায়ে নিজৰ ঘৰত বা নিৰ্দিষ্ট স্থানত বৃহৎ পৰিমাণৰ চোৰাং চেনি মজুত কৰি পিছত বাংলাদেশী চোৰাং ব্যৱসায়ীৰ সহায়ত বাংলাদেশলৈ সৰবৰাহ কৰে। উল্লেখ্য যে ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা কুলিয়াং অঞ্চলত বি এছ এফে এক লাখ কিলোগ্ৰামতকৈ অধিক চেনি জব্দ কৰিবলৈ সক্ষম হৈছে।