মুখ্য-পৃষ্ঠা

৩মিনিটত পঢ়ি লওক বাজেটৰ ১৫টা ডাঙৰ ঘোষণা

Asomiya Pratidin

১. মহিলাৰ বাবে ৩লাখ কোটি টকা ব্যয় কৰিব কেন্দ্ৰই

২. ৫বছৰত ৪.১কোটি যুৱকৰ বাবে নিয়োগ সৃষ্টিৰ লক্ষ্য

৩. ৬কোটি কৃষকৰ ভূমি পঞ্জীয়ন কৰাৰ বাবে প্ৰস্তাৱ

৪. ৫বছৰলৈ কৃষকলৈ বিনামূলীয়া ৰেচন

৫. PMAYৰ অধীনত ৩কোটি অতিৰিক্ত গৃহ নিৰ্মাণৰ প্ৰস্তাৱ

৬. ১কোটি শিক্ষাৰ্থীক ১০লাখ টকা পৰ্যন্ত প্ৰদান কৰা হ’ব শিক্ষা ঋণ

৭. ৫.৬৩কোটি গাঁৱৰ আন্তগাথঁনি পুণঃনিৰ্মাণত কাম কৰি কেন্দ্ৰই।

৮. গ্ৰামোন্নয়নৰ বাবে ২.৬৬লাখ কোটি ধাৰ্য বাজেটত

৯. যুৱ শক্তি বিকাশৰ বাবে বাজেটত ২লাখ কোটি ধাৰ্য বাজেটত।

১০. উত্তৰ-পূবৰ বেংকিং ক্ষেত্ৰত আগন্তুক ৫বছৰত বিশেষ গুৰুত্ব দিয়াৰ কথা ঘোষণা

১১. ৫বছৰত ১কোটি যুৱকক দৰমহাসহ ইন্টাৰ্ণশ্বিপ সুবিধা প্ৰদান কৰা কথা ঘোষণা বাজেটত। প্ৰতি মাহত ৫০০০হাজাৰ টকাকৈ ভাট্টা।

১২. বান নিয়ন্ত্ৰণৰ বাবে ১১,৫০০কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। অসমৰ বানক প্ৰতিৰোধ কৰাৰ বাবে বিশেষ সাহায্যৰ কথা ঘোষণা বিত্তমন্ত্ৰীৰ।

১৩. ১০লাখ কোটি টকা ধাৰ্য কৰি এই পুঁজিৰে চহাৰাঞ্চলৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আৱাস সম্বন্ধীয় সমস্যা সমাধানৰ কথা উল্লেখ বাজেটত।

১৪. দেশৰ শক্তিখণ্ডৰ উন্নয়নৰ বাবে ২১,৪০০কোটি টকা ধাৰ্য কৰা হৈছে ২০২৪-২৫ৰ বাজেটত।

১৫. কৰ্কট ৰোগৰ অতি জৰুৰী ঔষধক কৰমুক্ত ঘোষণা বিত্তমন্ত্ৰীৰ। এই ৩বিধ ঔষধ ক্ৰয়ৰ বাবে কোনো কৰ দিব নালাগে সাধাৰণ জনতাই।