আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলা সদস্যক দিব ১০হাজাৰকৈ টকা...  
মুখ্য-পৃষ্ঠা

আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলা সদস্যক দিব ১০হাজাৰকৈ টকা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলা সদস্যক গাইপতি ১০হাজাৰ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই কথা ঘোষণা কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওঁগে।

বাজেট ভাষণত নেওঁগে কয়- মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলৰ আয় বৃদ্ধিৰ বাবে এই অভিযান আৰম্ভ কৰা হব। চৰ্ত সাপেক্ষে ৩৯লাখ ৬৭হাজাৰ ৭৪৩গৰাকী মহিলা সদস্যলৈ আগবঢ়াব এই ধন।

এই সুবিধা লাভ কৰাৰ পাছত এনে প্ৰতিগৰাকী হিতাধিকাৰীয়ে নূন্যতম ২৫হাজাৰকৈ বেংকৰ ঋণ লাভ কৰিব। সেই ধনৰ সদব্যৱহাৰ আৰু সময়মতে ঋণ পৰিশোধ কৰিলে ১২৫০০টকাৰ ৰাজসাহায্য লাভ কৰিব।