মুখ্য-পৃষ্ঠা

কাইলৈ বাজেট দাখিল, আজিৰে পৰা আৰম্ভ সংসদৰ বাজেট অধিৱেশন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন। মঙলবাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব সাধাৰণ বাজেট। ১২আগষ্টলৈকে চলিত সংদৰ এই অধিৱেশন। আজিৰ দিনৰ ১বজাত লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে দেশৰ আৰ্থিক সৰ্বেক্ষণ দাখিল কৰিব। দিনৰ ২বজাত ৰাজ্যসভাৰ মজিয়াতো বিত্তমন্ত্ৰীগৰাকীয়ে দেশেৰ আৰ্থিক স্থিতিক লৈ প্ৰস্তুত কৰা এই প্ৰতিবেদন দাখিল কৰিব।

উল্লেখ্য যে, যোৱা দেওবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল সৰ্বদলীয় বৈঠকৰ। এই অধিৱেশনখনিৰ বাব সহায়-সহযোগিতা বিচাৰি আয়োজন কৰা হৈছিল এই বৈঠকৰ। ইফালে আৰম্ভণিৰ দিনটোতে সদন উত্তপ্ত হোৱাৰ সম্ভাৱনাও আছে। বিৰোধাীয়ে পেপাৰ লীক প্ৰসংগটো অধিক সক্ৰিয়তাৰে এইবাৰৰ অধিৱেশনত দাঙি ধৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইফালে আজি সদনত চৰকাৰে ৬খনকৈ বিধেয়ক দাখিল কৰিবয। বিত্তীয় সম্বৰ্ধীয়ৰ লগতে উদ্যোগিক দিশত প্ৰভাৱ পেলাব পৰা এই ৬খন বিধেয়কক লৈও সদনত শাসক-বিৰোধীৰ তৰ্ক হোৱাৰ সম্ভাৱনা আছে।