মুখ্য-পৃষ্ঠা

কাছাৰত ৮ টা চোৰাং ম'হ জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰঃ বৰাক উপত্যকাত এইবাৰ নদী পথেৰে বাংলাদেশলৈ পশুধন সৰবৰাহ চোৰাং ব্যৱসায়ীৰ।‌ বৰাক নৈৰে সৰবৰাহৰ সময়ত কাছাৰ জিলাৰ কাটিগৰা বাংলাদেশ সীমান্তত ৮ টাকৈ চোৰাং ম'হ জব্দ কৰে বিএছ এফে।

কাটিগৰাৰ হৰিনগৰ বিওপি ত কৰ্মৰত বিএছ এফৰ ১৭০ নম্বৰ বিএছ এফে বৰাক নৈৰে উটি গৈ থকা সময়ত ম'হ কেইটা জব্দ কৰে। জানিব পৰা মতে, ম'হ কেইটাৰ মূল্য ৫ লাখ ৮০ হাজাৰ।

ঈদ উপলক্ষে ম'হ কেইটা নদী পথেৰে বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল চোৰাং ব্যৱসায়ীয়ে।‌ পিচত ম'হ কেইটা স্থানীয় আৰক্ষী থানাত চমজাই দিয়ে।