ei muhurtar khabar  
মুখ্য-পৃষ্ঠা

ভূৱন পাহাৰত আৰক্ষী-উগ্ৰপন্থীৰ প্রচণ্ড গুলীয়াগুলীঃ নিহত ৩ উগ্ৰপন্থী

Asomiya Pratidin

ডিজিটেল সংবাদঃ কাছাৰৰ ভূৱন পাহাৰত প্রচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। আৰক্ষী আৰু উগ্রপন্থীৰ মাজত সংঘটিত হোৱা গুলীয়াগুলীত নিহত হয় ৩ মাৰ জংগী উগ্রপন্থী।ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি মঙলবাৰে আৰক্ষীয়ে গংগা নগৰৰ পৰা পিষ্টলসহ গ্রেপ্তাৰ কৰিছিল ৩ উগ্রপন্থীক।

গ্ৰেপ্তাৰ কৰা ৩ উগ্রপন্থীৰ লগত লৈ ভূৱন পাহাৰত এক অভিযান চলাইছিল আৰক্ষীয়ে। ভূৱন পাহাৰৰ পৰা আৰক্ষীক উদ্দেশ্যি গুলীবৰ্ষণ কৰিছিল অন্য উগ্রপন্থীৰ গোটে। গুলীচালনাত নিহত হয় আৰক্ষীৰ লগত যোৱা ৩উগ্রপন্থী।নিহত উগ্রপন্থী দুজন কাছাৰৰ, এজন মণিপুৰৰ। ইফালে ঘটনাত আহত হয় ৩জন আৰক্ষী কনিষ্টবল।