ei muhurtar khabar  
মুখ্য-পৃষ্ঠা

লংকাত অব্যাহত অবৈধ গৰুৰ সৰবৰাহ: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, লংকাঃ লংকাত অব্যাহত থকা গৰু চিণ্ডিকেটক লৈ সৰৱ হৈছে সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন। লংকাৰ লালুংডুবিত স্থানীয় ৰাইজে গৰু ভৰ্তি দুখন বাহন জব্দ কৰে। বাহন দুখনৰ পৰা ২৪টা অবৈধ গৰু উদ্ধাৰ কৰে।

AS01RC-6871 আৰু AS02DC-3930 নম্বৰৰ দুখনকৈ বলেৰ' মেক্স পিক'আপ ভানেৰে সৰবৰাহৰ সময়তে গৰুকেইটা উদ্ধাৰ কৰি লংকা আৰক্ষীক গতাই দিয়ে। লক্ষ্যণীয় যে,অবৈধ গৰুসমূহ লংকাৰ মাজেৰে মেঘালয়ৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ সৰবৰাহ কৰে।

লংকাত অব্যাহত থকা গৰুৰ এই অবৈধ সৰবৰাহত এক বৃহৎ চিণ্ডিকেট চক্ৰ জড়িত থকাৰ অভিযোগ কৰিছে সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দীপক দে'য়ে এইক্ষেত্ৰত স্থানীয় প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে লংকাত অবাধ গতিত গৰুৰ অবৈধ বেহা চলাৰ অভিযোগ কৰি মুখ্যমন্ত্ৰীৰ দৃঢ় পদক্ষেপৰ দাবী কৰিছে।