মুখ্য-পৃষ্ঠা

চি বি আইৰ ৩ শীৰ্ষ বিষয়া ৰাও, বাৰ্মা আৰু আস্তানাৰ কাৰ কেনে কেৰিয়াৰ…

asomiyapratidin

ৰাজনৈতিক হস্তক্ষেপে পূৰ্বৰে পৰা চিবিআইৰ স্বতন্ত্ৰতা আৰু নিৰপেক্ষতাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি আহিছে। শেহতীয়া কাৰ্যকলাপে চিবিআইৰ প্ৰতি সন্দেহৰ অৱকাশ আৰু বৃদ্ধি কৰিলে। শাসক পক্ষৰ বুঢ়া আঙুলিত নাচে নেকি চিবিআই? কি কংগ্ৰেছ, কি বিজেপি সকলোৰে প্ৰতি এই অভিযোগৰ আঙুলি। 'হয় হুজুৰ' কৈ এচাম চিবিআইত নিয়োজিত শীৰ্ষ বিষয়াই ৰাজনীতি নেতাসকলৰ হাতৰ আঙুলিৰ ইচাৰাত নৃত্য কৰাৰ অভিযোগো উত্থাপন হৈ আহিছে। বৰ্তমান ৩জন শীৰ্ষ বিষয়াক লৈ চিবিআই কেন্দ্ৰিক বিতৰ্ক কেন্দ্ৰীভূত হৈছে। সেই বিষয়া তিনিগৰাকী হ'ল- আলোক বাৰ্মা, ৰাকেশ আস্তানা আৰু এম নাগেশ্বৰ ৰাও। কিন্তু তেওঁলোকৰ পূৰ্বৰ কেৰিয়াৰ কি? 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।

মোডী চৰকাৰে চিবিআই কাৰ্যালয়ত নিশা অভিযান চলাই চিবিআইৰ দুই শীৰ্ষ বিষয়া ক্ৰমে- আলোক বাৰ্মা আৰু ৰাকেশ আস্তানাৰ কাৰ্যালয় ছীল কৰাৰ লগতে বহু তথ্য-পাতি চোৰাংচোৱা তথা আৰক্ষীৰ জৰিয়তে হস্তগত কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাফেল কেলেংকাৰী সন্দৰ্ভত চিবিআইৰ সঞ্চালক আলোকা বাৰ্মাই আৰম্ভ কৰা অনুসন্ধানক লৈ শংকিত হৈ আছিল মোডী চৰকাৰ। এই অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। সেই সময়তে এই দুই বিষয়াৰ লগতে চৰকাৰে অন্তৱৰ্তীকালীন সঞ্চালকৰূপে নিযুক্তি দিছিল এম নাগেশ্বৰ ৰাওক। এই তিনি আই পি এছ বিষয়াৰ নাম চিবিআই বিতৰ্কৰে জড়িত হৈ পৰিছে।

ৰাকেশ আস্তানাঃ 

চিবিআইৰ বিশেষ সঞ্চালকৰূপে ২০১৭ত নিযুক্তি লাভ কৰিছিল ৰাকেশ আস্তানাই। ১৯৬১চনৰ ৯ মাৰ্চত বিহাৰত জন্মগ্ৰহণ কৰা ৰাকেশ আস্তানাই ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিছিল ১৯৮৪চনত। গুজৰাট আই পি এছ কেডাৰ হিচাপে যোগদান কৰা আস্তানা আছিল নৰেন্দ্ৰ মোডীৰ অতি ঘনিষ্ঠ। ১৯৯৬চনত বিহাৰৰ পশু খাদ্য কেলেংকাৰী তদন্তৰ দায়িত্বত আছিল এইগৰাকী বিষয়া। ১৯৯৭চনত তেওঁ লালু প্ৰসাদ যাদৱকো গ্ৰেপ্তাৰ কৰিছিল। ২০১৮চনৰ ২৬ জুলাইত আশাৰাম বাপুক গ্ৰেপ্তাৰ কৰা মূল মানুহজনো আছিল ৰাকেশ আস্তানা। ছীট ফাণ্ড কেলেংকাৰীৰ তদন্তৰ চোৱাচিতাও কৰিছিল তেওঁ।

মাংস ব্যৱসায়ী মঈন কুৰেশ্বীৰ ঘনিষ্ঠৰ পৰা ২ কোটি টকা উৎকোচ লোৱাৰ অভিযোগত অভিযুক্ত হৈছিল এইগৰাকী বিষয়া। তেওঁৰ বিৰুদ্ধে চিবিআই সঞ্চালক আলোক বাৰ্মাই তদন্ত চলাইছিল। এই অভিযোগ সন্দৰ্ভত যথেষ্ট তথ্য লাভ কৰিছিল আলোক বাৰ্মাই। সেয়েহে তেওঁক গ্ৰেপ্তাৰ পৰ্যন্ত কৰিবলৈ আগবাঢ়িছিল। কিন্তু মোডীৰ ঘনিষ্ঠ হোৱাৰ সূত্ৰে সেয়া সম্ভৱ নহ'ল। চিভিচিয়ে আনকি এই বিষয়াজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ গুৰুতৰ বুলি প্রধানমন্ত্ৰী কাৰ্যালয়তো জনাইছিল। তাৰপৰাই সূত্ৰপাত হৈছিল চিবিআইৰ ১ আৰু ২ নম্বৰত থকা দুই শীৰ্ষ বিষয়াৰ বিবাদ। তাৰ পৰিণতিতে উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ। চৰকাৰে দুয়োকে বাধ্যতামূলক ছুটীত পঠিয়াইছিল যদিও পৰৱৰ্তী সময়ত সেই নিৰ্দেশ প্ৰত্যাহাৰ কৰে। দুৰ্নীতিৰ গোচৰত অভিযুক্ত আৰু ৰাজনৈতিক নেতাৰ কৃপাধন্য বুলি এইগৰাকী বিষয়া চৰ্চিত।

এম নাগেশ্বৰ ৰাওঃ 

চিবিআইৰ দুই শীৰ্ষ বিষয়াৰ মাজত চলি থকা এই খণ্ড যুদ্ধ আৰু চৰকাৰৰ এই হস্তক্ষেপৰ মাজতে ৰাতিটোৰ ভিতৰতে চিবিআইৰ অন্তৱৰ্তীকালীন সঞ্চালকৰূপে নিযুক্তি দিয়া হৈছিল নাগেশ্বৰ ৰাওক। মোডী চৰকাৰৰ অন্যতম ঘনিষ্ঠ বিষয়াৰূপে পৰিচিত নাগেশ্বৰ ৰাওৰ ঘৰ তেলেংগানাত। ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা নাগেশ্বৰ ৰাওৱে গৱেষণা কৰিছিল মাদ্ৰাছ আই আই টিত। ১৯৮৬ বেটছৰ আই পি এছ বিষয়া নাগেশ্বৰ ৰাওৱে ১৯৯৫ত চিবিআইত যোগ দিছিল। চেন্নাইত এণ্টিকৰাপশ্যনৰ মূৰব্বী পদত থকা সময়ত তেওঁৰ বিৰুদ্ধে যথেষ্ট দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল।

চিবিআইৰ যুটীয়া সঞ্চালকৰ দায়িত্বত থকা নাগেশ্বৰ ৰাওৰ পত্নী জড়িত হৈ থকা এটা এন জি অ'তো অলপতে ই ডিয়ে অভিযান চলাইছিল। এইগৰাকী বিষয়াৰ বিৰুদ্ধেও আছে যথেষ্ট দুৰ্নীতিৰ অভিযোগ। শেহতীয়াকৈ মোডী চৰকাৰৰ বিশ্বাসী হৈ পৰা নাগেশ্বৰ ৰাওৰ এই নিযুক্তিত অৱশ্যে উচ্চতম ন্যায়ালয়ে লেকাম লগালে। নীতিগত দিশত কোনো সিদ্ধান্ত ল'ব নোৱাৰিব এইগৰাকী বিষয়াই। কাৰ্যতঃ চিবিআইৰ শেহতীয়া ঘটনাৰাজিত বলিৰ পঠা হ'ল নাগেশ্বৰ ৰাও।

আলোক বাৰ্মাঃ

চিবিআইত সঞ্চালকৰূপে কৰ্মৰত আলোক বাৰ্মা ১৯৭৯ বেটছৰ আই পি এছ বিষয়া। গোৱা, অৰুণাচল, মিজোৰাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ কেডাৰ এইগৰাকী আই পি এছ বিষয়া অতি সৎ হিচাপে পৰিচিত। তেওঁ মিজোৰামৰো আৰক্ষী সঞ্চালক প্ৰধান আছিল। চিবিআইত যোগ দিয়াৰ পূৰ্বে তেওঁ দিল্লী আৰক্ষীৰ আয়ুক্তৰূপে দায়িত্বভাৰ চম্ভালিছিল। ইয়াৰ পূৰ্বে তেওঁ আছিল তিহাৰ জেলৰ সঞ্চালক। এতিয়ালৈকে ২৪টা গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰা এইগৰাকী বিষয়া অতি সাহসীৰূপে পৰিচিত।

চিবিআইৰ সঞ্চালকৰূপে নিযুক্তি দিবলৈ গৃহ মন্ত্ৰণালয়ে ৪৫জন আই পি এছ বিষয়াৰ নাম প্ৰেৰণ কৰিছিল। তাৰ ভিতৰত নিৰ্বাচনত উঠিছিল আলোক বাৰ্মাৰ নাম। চিবিআইৰ বিশেষ সঞ্চালক ৰাকেশ আস্থানাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ গুৰুত্বসহকাৰে তদন্ত কৰিছিল এইগৰাকী বিষয়াই। তাৰপাচতেই ৰাকেশ আস্তানায়ো আলোক বাৰ্মাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। এয়াই বাৰ্মাৰ চাকৰি জীৱনত প্ৰথমটো দুৰ্নীতিৰ অভিযোগ।