মুখ্য-পৃষ্ঠা

চিৰাঙৰ বাসুগাঁৱত চম্পাৱতী নৈৰ ৰে'ল দলঙৰ তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ চম্পাৱতী নৈৰ ৰেল দলঙৰ তলত আজি ৰাতিপুৱা এটা অচিনাক্ত পুৰুষ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । স্থানীয় লোকে প্ৰত্যক্ষ কৰা মতে বগা ৰঙৰ গেঞ্জী আৰু নীলা ৰঙৰ জীনচ্ পেন্ট পৰিহিত মৃতদেহটোৰ গেঞ্জীত তেজৰ দাগ লাগি আছে ।

মৃতদেহৰ মুখমণ্ডল জঙ্ঘলৰ ভিতৰত সোমাই থকা কাৰণে চিনাক্ত কৰিব পৰা নাই । মৃতদেহৰ ওচৰত এযোৰ চেণ্ডেল আৰু গামোছা উদ্ধাৰ পৰি আছে । কি পৰিস্থিতিত লোকজনৰ মৃত্যু হল এতিয়াও তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও খুব সম্ভৱত ৰেলৰ খুন্দাতেই লোকজনৰ মৃত্যু হব পাৰে বুলি স্থানীয় লোকে আশংকা কৰিছে ।

ইপিনে ৰেল দলঙৰ তলত মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰি আৰক্ষী আৰু আৰপিএফ ৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ।