drugs peddler  
মুখ্য-পৃষ্ঠা

চান্দমাৰীত নিচাযুক্ত সামগ্ৰীসহ দুই যুৱক আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ,চান্দমাৰীঃ চান্দমাৰীত বৃহস্পতিবাৰে নিশা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই এছ টি এফে। অভিযানত দলটোৱে চান্দমাৰী উৰণসেঁতুৰ তলত এখন স্কুটিৰ পৰা নিচাযুক্ত সামগ্ৰীৰ ১০ টা পেকেট জব্দ কৰে। জানিব পৰা মতে,দুজন যুৱকে জালুকবাৰীৰ পৰা নুনমাটি অভিমুখে লৈ গৈ আছিল জব্দাকৃত সামগ্ৰীখিনি।

জব্দকৃত নিচাযুক্ত সামগ্ৰীখিনিৰ ১টা পেকেটৰ ওজন প্ৰায় ৬০০ গ্ৰাম। এখন AS01EX7335 নম্বৰৰ TVS স্কুটিত গোপনে ১০ টা নিচাযুক্ত সামগ্ৰীৰ পেকেট সৰবৰাহ কৰি আনি আছিল দুই যুৱকে। ইতিমধ্যে ঘটনাস্থলীৰ পৰা আটক কৰিছে দুই যুৱকক। লগতে ঘটনা সন্দৰ্ভত এছ টি এফে তদন্ত অব্যাহত ৰাখিছে।