মুখ্য-পৃষ্ঠা

ভূত বাংলাত পৰিণত হৈছে চৰাইদেউ লাংকুৰি দেওশালস্থিত পৰ্যটকৰ অতিথি শালা

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউ: ঐতিহাসিক চৰাইদেউ থকা আহোম ৰাজত্ব কালৰ সমাধি প্ৰথাই ইউনেস্কৰ বিশ্ব ঐতিহ্যৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হ’ল। কিন্তু ইয়াৰ পিছতো মৈদামক্ষেত্ৰৰ নাতিদূৰত থকা লাংকুৰি দেওশালত পৰ্যটন বিভাগৰ কোটি টকীয়া অতিথি শালা নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো বিগত পঁচিশ বছৰে মুকলি নোহোৱাকৈ থকা বিষয়টোৱে সচেতন জনতাৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দ্বিতীয়টো কাৰ্যকালত অসম পৰ্যটন বিভাগে ২০০৮-০৯ চনতে চৰাইদেউ লাংকুৰি দেওশালৰ দাঁতিত কোটি টকা ব্যয় কৰি নিমাৰ্ণ কৰি উলিয়াইছিল চাৰিটাকৈ সুদৃশ্য অতিথি শালা। কিন্তু অজ্ঞাত কাৰণত আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা ক'টেজ সদৃশ এই অতিথি শালাৰ গৃহ কেইটা আজিকোপতি মুকলি কৰি নিদিয়াৰ বাবে এয়া এতিয়া হাবি জংঘলে আৱৰি ধৰিছে ৷

অনাদৰ অৱহেলাৰ লগতে উপযুক্ত পৰিচৰ্যা নকৰাৰ ফলত ঘৰকেইটা বৰ্তমান জৰাজীৰ্ণ হৈ জহিখহি যাবলৈ ধৰিছে। শেহতীয়াকৈ ইউনেস্কৰ দ্বাৰা চৰাইদেউ মৈদামক্ষেত্ৰক বিশ্ব ঐতিহ্য থলী হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল যদিও পৰ্যটনৰ দিশটো উন্নয়ন বাবে চৰকাৰে গুৰুত্ব দিব লাগিছিল। এই ক্ষেত্ৰত চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ চূড়ান্ত অবহেলা বাবে ভূত বাংলাত পৰিণত হৈছে চৰাইদেউ লাংকুৰি দেওশালস্থিত পৰ্যটকৰ অতিথি শালা ৷