মুখ্য-পৃষ্ঠা

চৰাইদেউ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউ: ঐতিহ্যমণ্ডিত চৰাইদেউ অঞ্চলৰ সংবাদকৰ্মীসকলৰ উমৈহতীয়া মঞ্চ “চৰাইদেউ প্ৰেছ ক্লাব”ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা ২ চেপ্তেম্বৰত দিনজোৰ কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৷ এইবাৰৰ ক্লাবৰ প্ৰতিষ্ঠা দিৱসটি এক ব্যতিক্ৰমী কাৰ্যসূচীৰে ৰূপায়ণ কৰিব।

সমাজৰ লগতে নিজৰ আপোন ঘৰখনৰ পৰা সকলোৰে মৰম-আদৰ নেওচি বৃদ্ধাশ্ৰমত থকা আবাসী সকলৰ সৈতে উক্ত দিনটো সংবাদকৰ্মীসকলে সুকীয়াকৈ অতিবাহিত কৰাৰ উদ্দেশ্যে এইবাৰৰ প্ৰতিষ্ঠা দিৱসটো মাজগাঁও বয়োজ্যেষ্ঠ আশ্ৰমত পালন কৰিব।দিৱসৰ সৈতে সংগতি ৰাখি পুৱা ক্লাবৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, আশ্ৰমৰ আবাসী সকল মাজত ফলমূল - মিঠাই বিতৰণ, স্বাস্থ্য পৰীক্ষা, অন্তৰংগ আলাপ-গীত-মাত আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠনাৰ আয়োজন কৰা হৈছে ৷ উক্ত দিনা সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে ক্লাবৰ সভাপতি আৰু সম্পাদক ক্ৰমে ধ্ৰৱজ্যোতি বৰুৱা,প্ৰণৱ বৰগোহাঁইয়ে ৷