মুখ্য-পৃষ্ঠা

চতিয়াৰ নলনীবিল উচ্ছেদৰ বিৰুদ্ধে ৰাইজঃ বুলড'জাৰ পিছুৱাব লগা হ'ল প্ৰশাসনে

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শনিবাৰে চতিয়াৰ দক্ষিণাঞ্চলৰ তেৱাৰীপাল নলনীবিলত বিশ্বনাথ জিলা প্ৰশাসনৰ এক বৃহৎ দল উচ্ছেদ অভিযানৰ বাবে উপস্থিত হয়। দলটো উচ্ছেদ অভিযান বাবে অঞ্চলটোত উপস্থিত হোৱাৰ পিছতেই স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ মাজত তীব্ৰ বাকযুদ্ধৰ সৃষ্টি হয়৷

উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে তেৱাৰীপালৰ নলনীবিলৰ পাৰত৷ চতিয়াৰ দক্ষিণাঞ্চলৰ তেৱাৰীপাল নলনীবিলত উচ্ছেদ অভিযান বাবে উপস্থিত হৈছিল প্ৰশাসনৰ দলটো। উল্লেখযোগ্য যে স্থানীয় ৰাইজে ৰাইজৰ এই বিলখন এটা চক্ৰই চক্ৰান্ত কৰি উচ্ছেদ চলাব বিচৰাৰ অভিযোগ উত্থাপন কৰিছে ।