মুখ্য-পৃষ্ঠা

চিৰাঙত আই নৈৰ বানপানীত উটি আহিল কণমানি বনৰীয়া হাতী...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ দেওবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত বেংতল ৰাজহচক্ৰৰ অন্তৰ্গত টুক্ৰাঝাৰত আই নৈৰ বাঢ়নী পানীত মাতৃৰ পৰা বিছিন্ন হোৱা এটি বনৰীয়া হাতী পোৱালী উটি আহে ৷ টুক্ৰাঝাৰ- আই পোৱালী গাঁৱৰ স্থানীয় ৰাইজে আই নৈৰ বুকুত বাঢ়নী পানীত হাতী পোৱালীটো উটি অহা দেখি প্ৰথমে বনবিভাগৰ লোকক খবৰ দিয়ে । কাৰণ বানপানীৰ কবলত পৰি মাকৰ পৰা বিছিন্ন হৈ উটি অহা হাতীৰ পোৱালীটো আই নৈৰ প্ৰৱল সোঁতৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিও পাৰত আহিব পৰা নাছিল ।

পিছত খবৰ লাভ কৰি চিৰাং জিলা বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত বহু কষ্ট কৰি ৰছীৰে মেৰিয়াই আই নৈৰ বুকুৰ পৰা বনৰীয়া হাতীৰ পোৱালীটোক উদ্ধাৰ কৰি পাৰত তুলি আনে যদিও ইমান পৰে হাতীৰ পোৱালীটো যথেষ্ট আঘাতপ্ৰাপ্ত হয় ৷ উদ্ধাৰ কাৰ্য্য চলাকালীন মাতৃৰ পৰা বিছিন্ন কনমানি হাতী পোৱালীটোৰ আৰ্তনাদে ঘটনাস্থলীত উপস্থিত থকা লোক সকলক কিছু সময়ৰ বাবে আৱেগিক কৰি তোলা পৰিলক্ষিত হয় ।

বনবিভাগৰ লোকে উদ্ধাৰ কৰা হাতী পোৱালীটোক তাৎক্ষনিক ভাৱে বাহনত তুলি ৰুণীখাটা ফৰেষ্ট ৰেঞ্জ অফিচত লৈ যায় । বনবিভাগৰ পৰা বিভাগীয় পশু চিকিৎসকৰ দ্বাৰা বনৰীয়া হাতীৰ পোৱালীটোক চিকিৎসা প্ৰদান কৰা হয় আৰু গাখীৰ খুওঁৱাৰ ব্যবস্থা কৰে ৷ ইপিনে বনবিভাগৰ দ্বাৰা হাতী পোৱালী উদ্ধাৰ কৰাৰ খবৰ বিয়পি পৰাৰ পিছত উৎসুক ৰাইজে ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ কাৰ্য্যালয়ত ভিৰ কৰা পৰিলক্ষিত হয় ।