জনশ্ৰুতিত পৰিণত জনছনছ বেবীৰে আপোনাৰ কেঁচুৱাটিৰ ছালৰ যতন 
মুখ্য-পৃষ্ঠা

জনশ্ৰুতিত পৰিণত জনছনছ বেবীৰে আপোনাৰ কেঁচুৱাটিৰ ছালৰ যতন

Asomiya Pratidin

এটি নৱজাতকৰ আগমনৰ সময়ছোৱা প্ৰত্যেক পিতৃ-মাতৃৰ বাবেই এক অতিকে আনন্দৰ আৰু পৰিবৰ্তনৰ সময়৷ এই সময়ছোৱাত অগণন সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজন আহি পৰে আৰু এনে সময়ত আপোনাৰ কেঁচুৱাটিৰ সংবেদনশীল ছালখনৰ উচিত যতনৰ বাবে সঠিক ছালৰ যতনৰ সামগ্ৰীবিধ বাছি লোৱাটোও গুৰুত্বপূৰ্ণ হৈ পৰে৷

প্ৰথম দিনটোৰ পৰাই শিশুটিৰ ছালখনক সুৰক্ষিত কৰি ৰখাৰ গুৰুত্ব :

ছালখন হৈছে শিশুটিৰ বৃহত্তম অংগ, সামগ্ৰিক স্বাস্থ্যৰ বাবে অপৰিহাৰ্য যদিও বিশেষকৈ নৱজাতকসকলৰ ক্ষেত্ৰত এই বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰা দেখা নাযায়৷ জনছনছ বেবী কেঁচুৱাৰ ছালখনৰ আঁৰত থকা বিজ্ঞান আৰু এক স্বাস্থ্যকৰ পৰিচৰ্যা তথা ধাৰাবাহিক ছালৰ যতনৰ বিষয়ে ভালদৰেই অৱগত৷

জনছনছ বেবীৰ উৎপাদনসমূহ কেৱল কেঁচুৱাৰ বাবে সুৰক্ষিত উপাদানেৰে তৈয়াৰী :

কেঁচুৱাৰ ছালখন লক্ষণীয়ভাৱে কোমল আৰু অনবৰতে বৃদ্ধিপ্ৰাপ্ত হোৱা হেতুকে ইয়াৰ বাবে বিশেষভাৱে মসৃণ উপাদানেৰে তৈয়াৰী উৎপাদন বা সামগ্ৰীৰ প্ৰয়োজন হয়৷ প্ৰাপ্তবয়স্কৰ ছালৰ বিপৰীতে, এটি নৱজাতকৰ ছালখন ৩০ণ পাতলজ্ঞ হোৱা বাবে ই আদ্ৰৰ্তা হ্ৰাস, খজুৱতি, দাগ পৰা, শুষ্কতা আৰু অন্যান্য ছালৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ জন্‌ছন্‌ছ বেবীৰ উৎপাদনসমূহ ব্যৱহাৰ কৰিলে কেঁচুৱাটিৰ ছালখন প্ৰথম দিনাৰে পৰাই পুষ্টিযুক্ত আৰু সুৰক্ষিত কৰি ৰখাত সহায়ক হয়, কাৰণ ই চিকিৎসকৰ দ্বাৰা পৰিক্ষিত আৰু কেঁচুৱাৰ কোমল ছালখনৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা৷

আই এ পিৰ মতে, প্ৰাকৃতিক হ’লেই সুৰক্ষিত নহ’বও পাৰে :

প্ৰাকৃতিক উপাদানসমূহ যথেষ্ট জনপ্ৰিয় যদিও, এইবোৰ কেঁচুৱাবোৰৰ বাবে স্বাভাৱিকভাৱে সুৰক্ষিত নহ’বও পাৰে৷ এইক্ষেত্ৰত এই কথা মনত ৰাখিবলগীয়া যে প্ৰাকৃতিক হ’ল বুলিয়েই ই সদায় ৰসায়নমুক্ত হোৱা সম্ভৱ নহয়৷ আই এ পিৰ নীতি-নিৰ্দেশনা অনুযায়ী, প্ৰাকৃতিক বুলি উল্লেখ কৰি বিক্ৰী কৰা বনৌষধিমূলক এণ্ড্ৰ’জেলিকসমূহ সাৱধানতাৰে ব্যৱহাৰ কৰিব লাগে আৰু এইবোৰত ফলপ্ৰসূ আৰু সুৰক্ষিত বুলি প্ৰমাণিত নোহোৱা উপাদান ব্যৱহাৰ কৰা এৰাই চলিব লাগে৷ এইক্ষেত্ৰত প্ৰাকৃতিকেই হওক বা ছিন্থেটিকেই হওক, উপাদানসমূহ ক্লিনিকেলি পৰিক্ষিত আৰু নৱজাতকৰ বাবে সুৰক্ষিত হোৱা উচিত৷

জনছনছ বেবীত থকা মৃদু সুগন্ধ কেঁচুৱাৰ বাবে অতি উপযোগী :

সুগন্ধই কেঁচুৱাটিৰ মানসিক অৱস্থাৰ ওপৰত আৰু বৃদ্ধিত তাৎপৰ্যপূৰ্ণ প্ৰভাৱ পেলায়জ্ঞজ্ঞ৷ এইক্ষেত্ৰত কিহে কণমানিটিৰ বাবে সুগন্ধক সুৰক্ষিত আৰু মসৃণ কৰি তোলে সেই কথা উপলব্ধি কৰা উচিত৷ জন্‌ছন্‌ছ বেবীয়ে কোমল আৰু স্পৰ্শকাতৰ ছালৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা মসৃণ, এলাৰ্জি নোহোৱা সুগন্ধিযুক্ত উৎপাদন আগবঢ়ায়৷ এনে সুগন্ধিসমূহত আন্তঃৰাষ্ট্ৰীয় সুগন্ধি সংস্থা বা আই এফ আৰ এই নিৰ্ধাৰণ কৰা, কেঁচুৱাটিক জুৰ পেলাই শান্ত কৰি ৰাখিব পৰা সৰ্বোচ্ছ মানৰ সুগন্ধি ব্যৱহাৰ কৰা হয়, যিয়ে শিশুটি আৰু পিতৃ-মাতৃৰ সম্পৰ্কক অধিক দৃঢ় কৰি তোলে৷

সুৰক্ষিত কৰাত সহায়ক উপাদনাযুক্ত উৎপাদন ব্যৱহাৰ কৰক :

নষ্ট হোৱা আৰু সূক্ষ্ম বীজাণু বৃদ্ধি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ছালৰ যতনৰ উৎপাদনসমূহত কেইবিধমান উপাদান ব্যৱহাৰ কৰাটো আৱশ্যক৷ জনছনছ বেবীত ব্যৱহৃত সকলো উপাদান কেঁচুৱাৰ বাবে প্ৰস্তুত কৰা উৎপাদনসমূহত ব্যৱহাৰ কৰোঁতে মসৃণতাৰ সৰ্বোচ্ছ পৰিমাপ পূৰণ কৰাটো নিশ্চিত কৰিব পৰাকৈ, বিতংভাৱে পৰীক্ষা কৰি সুৰক্ষিত বুলি প্ৰমাণিত হোৱাৰ পাছতহে ব্যৱহাৰ কৰা হয়৷

পিতৃ-মাতৃসকলে শিশুটিৰ কোমল ছালখনক স্বাস্থ্যকৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উপাদান ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত স্বচ্ছতা ৰক্ষা কৰা, জনছনছ বেবীৰ উৎপাদনসমূহ ব্যৱহাৰ কৰাৰ বিষয়ে অৱগত হোৱা উচিত৷ জনছনছ বেবীৰ উৎপাদনসমূহ সুৰক্ষাৰ মানসমূহ পূৰণ কৰিব পৰাকৈ কঠোৰভাৱে পৰীক্ষা কৰি প্ৰস্তুত কৰা হয়৷ এইক্ষেত্ৰত, কোনো সন্দেহ থাকিলে সদায়েই শিশুৰোগ বিশেষজ্ঞ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে৷

এনে নীতি-নিৰ্দেশনাসমূহ অনুসৰণ কৰি আৰম্ভণিৰ পৰাই আপোনাৰ কেঁচুৱাটিৰ ছালখন সুৰক্ষিত কৰি ৰখাত সহায়ক হোৱা জনছনছ বেবীৰ ছালৰ যতনৰ উৎপাদনসমূহ আত্মবিশ্বাসৰ সৈতে ব্যৱহাৰ কৰিব পাৰে৷