মুখ্য-পৃষ্ঠা

তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা: কাছাৰৰ ১৫৭টা‌ কেন্দ্ৰত পৰীক্ষাৰ্থী ৭৫,৭০৭ গৰাকী

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ: সমগ্ৰ ৰাজ্যৰ লগতে দেওবাৰে কাছাৰ জিলাতো কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হৈছে ৰাজ্য চৰকাৰে আয়োজন কৰা তৃতীয় শ্ৰেণীৰ নিযুক্তি বাচনি পৰীক্ষা। জিলাখনৰ মুঠ ১৪২টা স্থানৰ‌ ১৫৭টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা আৰম্ভ হৈছে।‌

এই নিযুক্তি বাচনি পৰীক্ষাত এইবাৰ কাছাৰ জিলাত মুঠ ৭৫,৭০৭ পৰীক্ষাৰ্থী অবতীৰ্ণ হৈছে।‌ ইয়াৰ ভিতৰত হাইলাকান্দি জিলাৰ ১৯১১৯ গৰাকী, কৰিমগঞ্জ জিলাৰ ৮০৪৯ গৰাকী আৰু ৪৮৫৩৯ গৰাকী পৰীক্ষাৰ্থী কাছাৰ জিলাৰ। জিলাখনৰ ১৭৫ টা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ১৯ টা কেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে জিলা প্ৰশাসনে। অসম বিশ্ববিদ্যালয়ত সৰ্বাধিক ১৬ টা কেন্দ্ৰ সংস্থাপন কৰা হৈছে।