মুখ্য-পৃষ্ঠা

'সৰপাৰা ৰাইজ গয়ৰহ'ৰ পূৰ্ণাংগ সমিতি গঠন...

Asomiya Pratidin

ডিজিটেল সংবাদ. গুৱাহাটীঃ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ "সৰপাৰা ৰাইজ গয়ৰহ" পৰিচালনাৰ বাবে শুকুৰবাৰে নিশা নিৰ্বাচন সামৰণি পৰে । ২বছৰৰ বাবে গঠিত এই সমিতিৰ সভাপতি পদত বৃহত্তৰ অঞ্চলটোৰ সৰবৰহী ব্যক্তি তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অজিত চন্দ্ৰ দাস বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় ।

আনহাতে সাধাৰণ সম্পাদক পদত অনুষ্ঠিত নিৰ্বাচন প্ৰক্ৰিয়াত দীনেশ ডেকা নিৰ্বাচিত হয়। ইয়াৰোপৰি উপ-সভাপতি হিচাপে ৰাধিকা দাস, যোগেন দেৱান, সহকাৰী সম্পাদকত জয়ন্ত কুমাৰ দাস আৰু জ্যোতিষ দাস মনোনিত হয় ।

গয়ৰহে সৰ্বসসন্মতিক্ৰমে প্ৰাক্তন প্ৰধান শিক্ষক নগেন চন্দ্ৰ কাকতি, প্ৰবীণ খেলুৱৈ প্ৰভাত চন্দ্ৰ ডেকা, "ক্ৰীড়াশ্ৰী" প্ৰবীণ চন্দ্ৰ দাস, সুৰেন্দ্ৰ মোহন ডেকা, গগন দাসক মনোনীত কৰে। গয়ৰহে গাঁওখনৰ বাট-পথ নিৰ্মাণ, শান্তি-শৃংখলা বজাই ৰখা, শিক্ষানুষ্ঠান চোৱা-চিতা কৰা আদি কৰি ভিন-ভিন উন্নয়নমূলক কাম গুৰুত্ব দিয়ে । ন-সমিতিক সৰপাৰা সাহিত্য সভা, সৰপাৰা হাইস্কুল, মিলন সংঘ প্ৰভৃতিয়ে শুভেচ্ছা জনাইছে ।