মুখ্য-পৃষ্ঠা

চিদলী সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে প্ৰবীণ বড়োই...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং: "কেৱল চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত নহয় আগন্তুক ২০২৫ ত অনুষ্ঠিত হ'বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে কংগ্ৰেছ দল।"

দেওবাৰে চিৰাং জিলাৰ বৰতালোৱাস্থিত কাজলগাঁও প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ তথা বিটিআৰ কংগ্ৰেছৰ সমন্বয়ক প্ৰবীণ বড়োই।

উল্লেখ্য যে আজি কাজলগাঁৱত চিৰাং জিলা কংগ্ৰেছৰ দলীয় কৰ্মী সভা অনুষ্ঠিত কৰি সাংবাদিক সকলৰ আগত দলীয় নেতা গৰাকীয়ে কয় যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অসমৰ অন্যান্য ৪ খন বিধানসভা সমষ্টিৰ দৰে চিদলী বিধানসভা সমষ্টিৰ পৰা বিধায়ক জয়ন্ত বসুমতাৰী সাংসদ নিৰ্বাচিত হোৱাৰ পাছত চিদলী বিধানসভা সমষ্টিতো উপ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ এই উপ নিৰ্বাচনত কংগ্ৰেছ দলে নিজাকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলিও মন্তব্য কৰে বড়োই।

উল্লেখ্য যে উপ নিৰ্বাচনত চিদলী সমষ্টিত কংগ্ৰেছ দলৰ পৰা কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব সেই সন্দৰ্ভত কোনো স্পষ্ট মন্তব্য দিয়াৰ পৰা বিৰত থাকে যদিও চিদলী সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ পৰা প্ৰবীণ বড়োৰ নাম বিশেষভাৱে উচ্চাৰিত হৈছে।

এই সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ প্ৰবীণ বড়ো, মুখপাত্ৰ দ্বীপজ্যোতি চহৰীয়া, চিৰাং জিলা কংগ্ৰেছৰ উপ সভাপতি ৰেকিব আলী, চিৰাং জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সভাপতি নবাব খান সহ কেবাজনো নেতা কৰ্মী উপস্থিত থাকে ৷