মুখ্য-পৃষ্ঠা

৩জুনলৈ নিৰ্বাচনী টকশ্ব'ত অংশ নলয় কোনো কংগ্ৰেছ নেতাই

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শনিবাৰে EXIT POLL। এইবাৰ এগজিট প’লৰ টকশ্ব'ত অংশ নলয় কংগ্ৰেছ নেতাই। সকলো ৰাজ্যৰ কংগ্ৰেছলৈ এআইচিচিয়ে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা।

৩জুনলৈ চেনেলসমূহৰ কোনো টকশ্ব'ত অংশগ্ৰহণ নকৰে কংগ্ৰেছৰ প্ৰতিনিধিয়ে। লোকসভাৰ এগজিট প’লৰ বিতৰ্ক এৰাই চলাৰ বাবে এই সিদ্ধান্ত ঘোষণা কৰিছে কংগ্ৰেছে। ১ জুনটো এগজিট প’লৰ বিষয়ে আলোচনা কৰা কোনো টেলিভিছন চেনেলৰ বিতৰ্কত অংশগ্ৰহণ নকৰে।

কংগ্ৰেছৰ মুখপাত্ৰ তথা সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ পৱন খেৰাই ৪ জুনত ফলাফলৰ পিছতহে আলোচনাত বহাৰ কথা সামাজিক মাধ্যমত প্ৰকাশ কৰে। টি আৰ পিৰ বাবে জল্পনা-কল্পনা আৰু অনুমানৰ ওপৰত ভিত্তি হোৱা প্ৰতিযোগিতাত লিপ্ত হ’ব নিবিচাৰে বুলি তেওঁ উল্লেখ কৰে।