মুখ্য-পৃষ্ঠা

ডিব্ৰুগড়ত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ, বৰবৰুৱা: লোকসভা নিৰ্বাচনৰ পিছতেই ২০২৬ ৰ বিধান সভা নিৰ্বাচনলৈ তৎপৰ হৈছে বিৰোধী কংগ্ৰেছ। উজনিত গৌৰৱ গগৈৰ উত্থানে ভেটি কপাইছে বিজেপিৰ। শাসকীয় দলটোৱে ২০২৬ক লৈ চলাই থকা ৰণকৌশলৰ মাজতে গৌৰব গগৈৰ নেতৃত্বত ডিব্ৰুগড়ত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচীৰ আয়োজন কৰে।

শনিবাৰে বৰবৰুৱাৰ চুকাফা ভৱনত কংগ্ৰেছৰ যুৱনতা তথা লোকসভাৰ বিৰোধীৰ উপদলপতি গৌৰৱ গগৈৰ উপস্থিতিত অসম জাতীয় পৰিষদ, আপ আদি দলৰ সহস্ৰাধিক নেতা কৰ্মীয়ে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে। গৌৰৱ গগৈয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে লোকসভাৰ নিৰ্বাচন কংগ্ৰেছৰ বাৱে ট্ৰেইলাৰ আছিল ২৬ ত কংগ্ৰেছৰ ফাইনেল ছবিখন ৰাইজে দেখিবলৈ পাব।

ভাষণত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকক আমি কংগ্ৰেছৰ ৰাজনীতি কৰিম। জনজাতিকৰণক লৈও মন্তব্য কৰে গৌৰৱ গগৈয়ে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সংঘাত আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে। আনহাতে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ সন্দৰ্ভত উপদলপতি গৌৰৱ গগৈয়ে কয় কেলেংকাৰীত শাসকীয় দলৰ নেতা জড়িত আছে। অসম আৰক্ষীৰ ওপৰত আমাৰ আস্থা নাই। গতিকে এই কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চি বি আইক দিবলৈ দাবী জনাই। ডিব্ৰুগড় জিলা সভাপতি দেৱৰঞ্জন গগৈয়ে সভাপতিত্ব কৰা আজিৰ এই সভাত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, পৃথ্বী মাঝিৰ লগতে বহু জ্যেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থাকে।