মুখ্য-পৃষ্ঠা

ইছৰোয়ে প্ৰেৰণ কৰিব পৃথিৱী নিৰীক্ষণকাৰী উপগ্ৰহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ক্ষুদ্ৰ কৃত্রিম উপগ্ৰহ উৎক্ষেপণ বাহন এছ এছ এল ভি অভিযানৰ তৃতীয় আৰু চূড়ান্ত উন্নয়নমূলক উৰণৰ বাবে সম্পূর্ণৰূপে সাজু হৈছে। ইছৰোই শুকুৰবাৰে পুৱা ৯.১৭ বজাত শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ক্ষুদ্র কৃত্রিম উপগ্রহ উৎক্ষেপন যান এছ এছ এল ভিৰ জৰিয়তে EOS-08 নামৰ এটা পৃথিৱী নিৰীক্ষণকাৰী কৃত্রিম উপগ্রহ মহাকাশলৈ প্রেৰণ কৰিব। এই উৎক্ষেপনৰ বাবে পুৱা ২.৪৭বজাৰ পৰা ৬ ঘণ্টাজোৰা ক্ষণ গণনা ইতিমধ্যে আৰম্ভ হৈছে।

কৃত্রিম উপগ্রহটোৰ উৎক্ষেপনৰ লগে লগে এছ এছ এল ভি উৎক্ষেপন যানৰ উন্নয়নৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব আৰু যানখন ক্ষুদ্র কৃত্রিম উপগ্রহ উৎক্ষেপনৰ বাবে সম্পূর্ণৰূপে সাজু হৈ উঠিব। পি এছ এল ভি উৎক্ষেপন যানৰ তুলনাত ১০ মিটাৰ সৰু এছ এছ এল ভি ৰকেট পৃথিবীৰ নিম্ন কক্ষপথত ক্ষুদ্র আৰু কম ওজনৰ কৃত্রিম উপগ্রহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হ'ব।

উল্লেখযোগ্য যে এছ এছ এল ভি উৎক্ষেপন যানে কম খৰচত কেইবাটাও উপগ্রহ উৎক্ষেপন আৰু নামমাত্র উৎক্ষেপন আন্তঃগাঁথনিৰ সহায়ত উৎক্ষেপন অভিযান সম্পূর্ণ কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। পি এছ এল ভিৰ তুলনাত এছ এছ এল ভিৰ ব্যয় প্রায় ২০ৰ পৰা ৩০ শতাংশ কম হ'ব।