মুখ্য-পৃষ্ঠা

দুমাহজোৰা প্ৰতীক্ষাৰ অন্ত : আজি লোকসভা নিৰ্বাচনৰ ভোটগণনা

Asomiya Pratidin

ডিজিটেল ডেস্ক : দুমাহজোৰা প্ৰতীক্ষাৰ অন্ত। অষ্টাদশ লোকসভা নিৰ্বাচনৰ আজি ভোটগণনা। মঙলবাৰে পুৱা ৮-০০ বজাৰ লগে লগে আৰম্ভ হ'ব ভোটগণনা পৰ্ব।

অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ হ'ব ভাগ্য নিৰ্ণয়। ৰাজ্যৰ ১৪ টা সমষ্টিত ১৪৩ গৰাকী প্ৰার্থীয়ে লোকসভা নিৰ্বাচনত আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা ৷ ইতিমধ্যে নিৰ্বাচন আয়োগে ৰাজ্যজুৰি ৫২ টা কেন্দ্ৰৰ ১৫২ টা কাউণ্টিং হলত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷

উল্লেখ্য যে দেশত ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন। দেশৰ ৫৪৩ টা সংসদীয় সমষ্টিৰ ফলাফলে নিৰ্ণয় কৰিব অহা পাঁচ বছৰলৈ কোন হ’ব দেশৰ ১৪০ কোটি জনতাৰ ভাগ্য নিয়ন্তা।দেশৰ ৫৪৩টা সমষ্টিৰ, ৫৪৩ টা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে গুজৰাটৰ ছুৰাট সমষ্টিত বিজেপি প্ৰাৰ্থী মুকেশ দালালে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে। ৫৪২ সংসদীয় সমষ্টিৰ ভোটগণনাৰ সমান্তৰাল কৈ ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰো আজি ভোটগণনা। ফলাফল ঘোষণা হ’ব হিমাচল প্ৰদেশৰ ৬ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰো।