মুখ্য-পৃষ্ঠা

ৰঙিয়াত চিপিআই (এম)ৰ প্ৰতিবাদী কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়া: ৰঙিয়াৰ শ্ৰমিক ভৱনৰ পৰা সমদল উলিয়াই ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত চিপিআই (এম)য়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীত চাৰিশ হিতাধিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নির্মিয়মান গৃহৰ অৱশিষ্ট মহাত্ম গান্ধী এনৰেগাৰ জৰিয়তে পাব লগা ২২,০০০/- টকা শীঘ্রে মোকলাই দিয়া, অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰেছনকার্ডপ্রাপ্ত সকলো মহিলাক অৰুণোদয় আঁচনিৰ অন্তৰ্ভূক্ত কৰাৰ বাবে তদাবী উত্থাপন কৰে।

ইয়াৰ লগতে অঞ্চলটোৰ খাদ্য সুৰক্ষা আইনৰ পৰা বঞ্চিত দৰিদ্ৰ সকলো লোককে ৰেছন কার্ড দিয়াৰ ব্যৱস্থা কৰা, মহাত্ম গান্ধী এনৰেগাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৬০০ টকালৈ বৃদ্ধি কৰি বছৰি ২০০ দিনৰ কাম দিয়া আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন ৩,০০,০০০/- (তিনি লাখ) টকালৈ বৃদ্ধি কৰাৰ বাবে প্ৰতিবাদকাৰীসকলে দাবী উত্থাপন কৰে। আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীত ৰঙিয়াৰ চিপি আই এমৰ জ্যেষ্ঠ নেতা শৰৎ কলিতা, প্ৰভাত কলিতা, নৃপেন নাথকে ধৰি কেইবাগৰাকীও চিপি আই এমৰ জ্যেষ্ঠ - কনিষ্ঠ কৰ্মী উপস্থিত থাকে।