মুখ্য-পৃষ্ঠা

ৰঙিয়াত মাছ মাৰিবলৈ গৈ সলিল সমাধি যুৱকৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ তুলসীবাৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা । মাছেই কাল হ'ল এগৰাকী ২২ বছৰীয়া যুৱকৰ বাবে। মাছ মাৰিবলৈ গৈ সলিল সমাধি ৰঙিয়াৰ তুলসীবাৰীৰ নিবাসী তথা জেচিবিৰ চালক আনোৱাৰ আলীৰ।

ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়া তুলসীবাৰীৰ এখন বিলত মাছ মাৰি থাকোতে পানীৰ মাজতে আৱদ্ধ হৈ পৰে আনোৱাৰ। মাছ মাৰিবলৈ যোৱা সহযোগী বন্ধুজনক উদ্ধাৰৰ বাবে সহায় বিচাৰে যদিও বন্ধুজনেও সাতুৰিব নোৱাৰা বাবে উদ্ধাৰ কৰিবলৈ সক্ষম নহল আনোৱাৰক। যাৰ ফলত জানত ডুবি সলিল সমাধি ঘটে আনোৱাৰৰ।

কিশোৰজনৰ অকাল মৃত্যুৰ ঘটনাই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত। পিছত স্থানীয় লোক উপস্থিত হৈ আনোৱাৰক উদ্ধাৰ কৰিবলৈ যায় যদিও ইতিমধ্যে যুৱকজনৰ মৃত্যু হয়। পিছত ঘটনা সম্পৰ্কে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ।