মুখ্য-পৃষ্ঠা

কুৱেইটৰ পৰা স্বদেশলৈ অনা হ'ব অগ্নিকাণ্ডত নিহত ভাৰতীয়ৰ মৃতদেহ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে কুৱেইটৰ পৰা স্বদেশলৈ অনা হ'ব অগ্নিকাণ্ডত নিহত হোৱা ভাৰতীয় সকলৰ মৃতদেহ। ইতিমধ্যে কুৱেইটৰ পৰা ৰাওনা হৈছে বায়ু সেনাৰ বাহন। ভয়াৱহ অগ্নিকাণ্ডত কৰুণ ভাবে মৃত্যুক সাবতি ল'বলগীয়া হৈছিল ভাৰতৰ ৪৫ জন লোকে।

নিহত সকল কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ বুলি জানিব পৰা গৈছে। আজি মৃতদেহ লৈ কোচি বিমান বন্দৰত উপস্থিত হ’ব বিমানখন। পৰৱৰ্তী সময়ত বিমানখন দিল্লীলৈ আহিব। সংশ্লিষ্ট ৰাজ্যৰ প্ৰশাসনক গতোৱা হ'ব মৃতদেহকেইটা।

উল্লেখ্য যে, বুধবাৰে কুৱেইটৰ মাংগাফ অঞ্চলৰ অন্তৰ্গত এটা শ্ৰমিক গৃহত সংঘটিত অগ্নিকাণ্ড সংঘটিত হৈছিল। শুই থকা অৱস্থাত ধোঁৱাৰ বাবে শ্বাসৰুদ্ধ হৈ অধিকাংশ লোকৰ মৃত্যু হৈছিল। এই ঘটনাতে প্ৰায় ৪৫ জন ভাৰতীয়ৰো মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হোৱা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছিল।