মুখ্য-পৃষ্ঠা

কপিলী নৈৰ বানে উটুৱাই নিয়া ৰবীন টেৰাঙৰ মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাটঃ পশ্চিম কাৰ্বি আংলং জিলাৰ সাতগাঁৱৰ যুৱক ৰবীন টেৰাংঙক কপিলী নৈৰ বিধ্বংসী বানে উটুৱাই নিয়াৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল। শুকুৰবাৰে বিয়নি যুৱকজনৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় এচ ডি আৰ এফ বাহিনী।

জানিব পৰা মতে কপিলী নৈৰ বাঢ়নী পানীৰ কবলত থকা ঘৰটোৰ পৰা কাপোৰ কানিকে আদি কৰি কিছু সা-সামগ্ৰী উলিয়াই আনিবলৈ যাওঁতেই যুৱক ৰবীন টেৰাঙৰ এই অবাঞ্চিত কৰুণ ঘটনা সংঘটিত হয়। অৰ্থাৎ কপিলী নৈৰ ভয়াবহ বানে নিমিষতে ২৮ বছৰীয়া যুৱকজনক উটুৱাই নিয়ে। এই দুঃসাহসিক কাৰ্য নকৰিবলৈ তেওঁৰ পিতৃয়ে বাধা প্ৰদান কৰিছিল যদিও পিতৃৰ কথা নুশুনি আগুৱাই যোৱাৰ বাবে এই ঘটনাটো ঘটে।

আজি এচ ডি আৰ এফ বাহিনীয়ে দিনটো অভিযান চলোৱাৰ অন্তত বিয়লি যুৱক ৰবীন টেৰাঙৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।