মুখ্য-পৃষ্ঠা

গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ: সমাগত স্বাধীনতা দিৱস, ২০২৪ৰ উপলক্ষে গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত অৱস্থিত কুচ কাৱাজ ক্ষেত্ৰত বৃহস্পতিবাৰে সদৌ অসম ভিত্তিত "মোবাইল ফোন/ইণ্টাৰনেটৰ ব্যাপক ব্যৱহাৰে গ্ৰন্থ অধ্যয়নৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে" শীৰ্ষক এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকমণি বৰাৰ আৰম্ভনি ভাষণেৰে আৰম্ভ হোৱা আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড⁰ অঞ্জন কুমাৰ ওজাৰ অধ্যক্ষতাত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ তাৰ্কিক শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ যুক্তি সমূহ ডাঙি ধৰে।

সৰ্বমুঠ ১৮ গৰাকী তাৰ্কিকে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত মহকুমাটোৰ বিশিষ্ট ব্যক্তিসকল দৰ্শক হিচাপে উপস্থিত থাকে। তৰ্ক প্ৰতিযোগিতাৰ ঘোষিত ফলাফল সমূহ হৈছে - প্ৰথম স্থান: জ্ঞানজ্যোতি শৰ্মা ( ছয়দুৱাৰ মহাবিদ্যালয়), দ্বিতীয় স্থান: শোণিত শৰ্মা ( জে বি আইন মহাবিদ্যালয়),তৃতীয় স্থান: গীতাৰ্থ বৰা ( শিৱসাগৰ কমাৰ্চ কলেজ)।বিচাৰকৰ বিশেষ বঁটাৰ বাবে নিৰ্বাচিত হৈছে মিন্টু ডেকা ( গুৱাহাটী বিশ্ববিদ্যালয়),সুদীপ্ত শইকীয়া ( জে বি বিশ্ববিদ্যালয়)। পুৰস্কাৰ প্ৰাপ্তসকলৰ লগতে অংশগ্ৰহণ কৰা সমূহ প্ৰতিযোগীলৈ মহকুমা প্ৰশাসনৰ হৈ মহকুমাধিপতি লুকমণি বৰাই আন্তৰিক কৃতজ্ঞতা আৰু শুভকামনা জ্ঞাপন কৰাৰ লগতে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অধ্যক্ষ মহোদয়, বিচাৰক মণ্ডলী, উপস্থিত ৰাইজৰ আন্তৰিক সহযোগিতা ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে-মহকুমাধিপতি লুকমণি বৰাই ছাত্র-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে গহপুৰ মহকুমাত বিভিন্ন শৈক্ষিক কাৰ্য্যসূচী অনুষ্ঠিত কৰি আহিছে।