মুখ্য-পৃষ্ঠা

জেলত কিমান কমিল কেজৰিৱালৰ ওজন? তিহাৰ জেলে সদৰি কৰিলে তথ্য...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সুৰা নীতি কেলেংকাৰীত কাৰাবন্দী হৈ থকা অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্য জেলত থকাৰ সময়ত অধিক অৱনতি ঘটাৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ অধিবক্তাই। জেলত প্ৰয়োজনীয় চিকিতসা আৰু সা-সুবিধা প্ৰদান নকৰাৰ বাবেই এই সময়ছোৱাত কেজৰিৱালৰ শৰীৰৰ ওজন ৮.৫কিলোগ্ৰাম হ্ৰাস পোৱা বুলি পৰিয়াল তথা অধিবক্তাই দাবী কৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ এই খবৰটো চাৰিওফালে বিয়পি পৰাৰ পাছতে তিহাৰ জেলৰ পৰিদৰ্শকে সদৰি কৰিছে যে, কেজৰিৱালৰ পৰিয়াল তথা অধিবক্তাই কৰা দাবী সত্য নহয়। ১এপ্ৰিল, ২০২৪ত কেজৰিৱালক যেতিয়া প্ৰথম তিহাৰ জেললৈ অনা হৈছিল সেই সময়ত তেওঁৰ শৰীৰৰ ওজন আছিল ৬৫কিলোগ্ৰাম। ইয়াৰ পিছতে ১০মে,২০২৪ত তিহাৰৰ পৰা ওলোৱাৰ সময়ত তেওঁৰ ওজন আছিল ৬৪কিলোগ্ৰাম।

সেই সময়ত ২১দিনৰ জামিনত তিহাৰৰ পৰা ওলাই আহিছিল কেজৰিৱাল। ১০মেৰ পৰা ১জুনলৈকে জেলৰ বাহিৰত আছিল কেজৰিৱাল। ২জুনত পুনৰ জেললৈ সোমোৱাৰ সময়ত কেজৰিৱালৰ ওজন আছিল ৬৩.৫কিলোগ্ৰাম। বৰ্তমান কেজৰিৱালৰ শৰীৰৰ ওজন ৬১.৫কিলোগ্ৰাম। এই হিচাপত জেললৈ যোৱাৰে পৰা এতিয়ালৈকে কেজৰিৱালৰ শৰীৰৰ ওজন হ্ৰাস পাইছে ৩.৫কিলোগ্ৰাম। জেল পৰিদৰ্শক গৰাকীয়ে লগতে সদৰি কৰে যে, কেজৰিৱালৰ ওজন ৮.৫কিলোগ্ৰাম নহয়, ৩.৫কিলোগ্ৰামহে হ্ৰাস পাইছে।