মুখ্য-পৃষ্ঠা

দৰিদ্ৰতাৰে যুঁজি মেধাৰ পৰিচয় দিলে দেৱোত্তম কোঁৱৰে...

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ একাগ্ৰতা থাকিলে সফলতা অৰ্জনত দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে তাকেই কাৰ্যতঃ প্ৰমাণ কৰি দেখুৱালে ঢকুৱাখনাৰ দেৱোত্তম কোঁৱৰে। ঢকুৱাখনা বালি গাঁৱৰ পিতৃহীন দেৱোত্তমৰ মাতৃ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। আৰ্থিক জঠৰতাত বিধ্বস্ত হৈয়ো সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফলতাৰে উত্তীৰ্ণ হ' বলৈ সক্ষম হয় দেৱোত্তম।

পিতৃ ৰঞ্জিত কোঁৱৰৰ অকাল মৃত্যুৰ পাছৰে পৰা কষ্টসহিষ্ণু মাতৃ জোনালী কোঁৱৰে ঢকুৱাখনা দৈনিক বজাৰত তামোল পান,পকৰি চাহ বিক্ৰী কৰি উপাৰ্জিত ধনেৰে জীৱন নিৰ্বাহ কৰিছিল। দৰিদ্ৰতাৰে যুঁজিও জ্যেষ্ঠ পুত্ৰ দেৱোত্তমক ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়োৱাই উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ নিৰন্তৰ চেষ্টা কৰিছিল মাতৃ জোনালী কোঁৱৰে। কোনো ধৰণৰ ঘৰুৱা শিক্ষক কিম্বা অন্য বিকল্প নোলোৱাকৈ সীমিত পাঠ্যপুথিৰে কেৱল নিজস্ব মেধাত্বৰে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল এইজন ছাত্ৰ ।

মাতৃৰ নিৰন্তৰ শ্ৰম আৰু সপোনৰ উচিত মৰ্যাদা দি শনিবাৰে ঘোষিত ফলাফল অনুসৰি দেৱোত্তমে প্ৰথম বিভাগত মুঠ ৫ টা বিষয়ত লেটাৰ মাৰ্ক সহ ডিষ্টিংচন নম্বৰ লৈ কৃতিত্বৰে উত্তীৰ্ণ হয়। ছাত্ৰজনৰ ফলাফলত আনন্দিত হৈ পৰিছে মাতৃ আৰু সমগ্ৰ পৰিয়াল। কৃতীমান ছাত্ৰজনে সৰ্বমুঠ ৫২৩ নম্বৰ লাভ কৰি ক্ৰমে অসমীয়া,ইংৰাজী, সাধাৰণ বিজ্ঞান,সমাজ বিজ্ঞান,ভূগোল বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

দেৱোত্তমৰ এনে সাফল্যতাত উৎফুল্লিত পৰিয়ালবৰ্গ আৰু বিদ্যালয় কৰ্তৃপক্ষ। অমায়িক নিৰ্জু ছাত্ৰজনৰ এই আশাব্যঞ্জক ফলাফলত উৎসাহী ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈ।