মুখ্য-পৃষ্ঠা

ঢকুৱাখনাৰ কৃষ্ণা মেডিকেলত কিশোৰক নিৰ্মম অত্যাচাৰ: আটক ২ অভিযুক্ত

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত নগৰ চাৰিআলিত অৱস্থিত কৃষ্ণা মেডিকেল ফাৰ্মাচীৰ স্বত্বাধিকাৰী ৰাজু চাহুৱে মঙলবাৰে এজন কিশোৰক গুৰুতৰভাৱে প্ৰহাৰ কৰে।

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ১নং হিলৈদাৰী গাঁৱৰ ১৭বছৰীয়া ৰোগীয়া কিশোৰটোৱে মঙলবাৰে বিয়লি ফাৰ্মাচীখনত চেণ্ডেল পিন্ধি প্ৰৱেশ কৰাৰ বাবেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে স্বত্বাধিকাৰী ৰাজু চাহু আৰু ককায়েকে। উপৰ্যুপৰি প্ৰহাৰত প্ৰচুৰভাবে ৰক্তক্ষৰণ হোৱাৰ পাছত আত্মীয়ই আহি কিশোৰটিক উদ্ধাৰ কৰে।পৰৱৰ্তী সময়ত ঢকুৱাখনা আৰক্ষী থানাত হাজিৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে।

ইপিনে এই ঘটনাৰ পাছতেই বুধবাৰে ঢকুৱাখনাৰ আছু,টাইপা,তাই আহোম ছাত্ৰ সন্থা আদি সংগঠনে একত্ৰিত হৈ দুপৰীয়া বিতৰ্কিত ফাৰ্মাচীখন তলা ওলমাই বন্ধ কৰি দিয়ে। সংগঠনৰ প্ৰতিবাদী ৰূপ দেখি ফাৰ্মাচীৰ কৰ্মচাৰী সহ স্বত্বাধিকাৰ সকল পলায়ণ কৰে। কেইবা শতাধিক প্ৰতিবাদী ৰাইজে অনা অসমীয়াৰ গুণ্ডাগিৰী নছলিব,কিশোৰ হত্যাৰ চক্ৰান্ত কৰা ৰাজু চাহু হুচীয়াৰ আদি শ্লোগান দি ফাৰ্মাচীখন তলা লগাই বন্ধ কৰি দিয়ে।

পৰৱৰ্তী সময়ত দোকানৰ চাবি আৰক্ষীক গতাই দিয়ে।আৰক্ষীৰ উপস্থিতিতে উত্তাল পৰিবেশৰ সৃষ্টি কৰি ৩ ঘণ্টাৰ ভিতৰত পলাতক দুই আক্ৰমণকাৰী বেপাৰীক উলিয়াই আনিবলৈ আৰক্ষীক সময়সীমা বান্ধি দিয়ে প্ৰতিবাদকাৰী সকলে।সেই অনুসৰি দুয়োটা অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। প্ৰতিবাদকাৰী সকলে জন স্বাস্থ্যৰ দিশটো ওলাই কৰি কেৱল লুটিবলৈকে খুটি পুতি বহা এই অনা অসমীয়া বেপাৰী দুজনক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ।