মুখ্য-পৃষ্ঠা

ঢকুৱাখনা কঁপাইছে যক্ষ্মা দূৰীকৰণ আঁচনিয়েঃ কাৰ স্বাৰ্থত উদক ভেটাৰখীয়া জিলা স্বাস্থ্য বিষয়াৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা: কিমান বেপৰোৱা হলে এগৰাকী নিৰোগী ব্যক্তিক যক্ষ্মা ৰোগী সজাব পাৰে ? কিমান দায়িত্বহীন হলে ৰোগ পৰীক্ষাৰ বাবে ৰোগীৰ খেকাৰৰ নমুনা নোলোৱাকৈ  ভুৱা ৰিপৰ্ট দি যক্ষ্মা ৰোগী সজাব পাৰে? এটা চৰকাৰী বিভাগৰ এনে চূড়ান্ত কাণ্ডজ্ঞানহীনতা  কেৱল ঢকুৱাখনাত সংঘটিত হোৱাটো সম্ভৱ  । লখিমপুৰ জিলা যক্ষ্মা দূৰীকৰণ আঁচনিত পোহৰলৈ অহা এই ভয়ানক কাণ্ডই জাহাঙ্গীৰ হত্যাকাণ্ডৰ জঘন্যতাকো চেৰ পেলাইছে ।

নিৰোগীক ভুৱা, মনেসজা , যক্ষ্মা ৰোগৰ লেবৰেটৰী ৰিপৰ্ট দি যক্ষ্মা ৰোগক্ৰান্ত কৰা ঢকুৱাখনা টি বি ইউনিটৰ চূড়ান্ত বহুৱালী "অসমীয়া প্ৰতিদিন ডিজিটেল"ত ফাদিল কৰা হৈছিল । যক্ষ্মা ৰোগৰ দৰে এটা স্পৰ্শকাতৰ ৰোগ নিৰ্নয়ত ঢকুৱাখনা ইউনিটৰ একাংশ "লেবৰেটৰী টেকনিছিয়ান " ,এম অ টি চি গৰাকীযে প্ৰদৰ্শন কৰা কাণ্ডজ্ঞানহীনতাৰ স্বৰূপ ফাদিল হোৱাৰ পাছত কঁপনিৰ সৃষ্টি হৈছে জিলা স্বাস্থ্য বিভাগত ।

ঢকুৱাখনা গোটৰ লেবৰেটৰীত নিয়োজিত টেকনিছিয়ান ক্ৰমে নূপু হাজং , অচ্যুত দত্ত ,ৰশ্মিৰেখা কোঁৱৰ,মনোৰঞ্জন দিহিঙীয়া আদিৰ লগতে এম অ টি চি ডাঃ দুষ্মন্ত কুম্বাংৰ বেপৰোৱামী প্ৰকট কৰা এই অক্ষমনীয় অপৰাধ সন্দৰ্ভত প্ৰকাশিত বাতৰি পাই  বুধবাৰে ৰাজ্যিক যক্ষ্মা দূৰীকৰণ বিভাগৰ মুখ্য কাৰ্যালয়ৰ পৰিচালন সঞ্চালক লক্ষ্মী প্ৰিয়া স্তম্ভিত হয় ।

এম ডি গৰাকীৰ লগতে তেওঁৰ প্ৰতিনিধিযে বুধবাৰে জৰুৰী ভাবে ভি চি যোগে সংযুক্ত হয় জিলা যক্ষ্মা দূৰীকৰণ আঁচনি ,জিলা স্বাস্থ্য বিভাগৰ লগতে ঢকুৱাখনা গোটৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতে । ঢকুৱাখনা গোটৰ এই নির্লজ ভণ্ডামিৰ কটু সকীয়নী দি এই সন্দৰ্ভত তদন্ত কৰি বিয়লি ৪ বজাৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়ে ।

ইপিনে চৰকাৰী দায়িত্বৰ নামত বহুৱালী কৰি অহা এনেবোৰ অকমন্য বিষয়া কৰ্মচাৰীৰ বাবেই এনে কাণ্ড সংঘটিত হোৱাতো প্ৰাথমিক তদন্তত পোহৰলৈ অহাত থৰকাছুটি হেৰাইছে জিলা স্বাস্থ্য বিভাগৰ। এনে সময়তে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে নিৰ্দেশ দিয়া তদন্তৰ প্ৰতিবেদন বৃহস্পতি বাৰে দাখিল কৰিব তদন্ত সমিতিয়ে । কিন্তু এই তদন্ত সমিতিৰ সদস্য নিৰ্বাচিত প্ৰক্ৰিয়াক লৈ উঠিছে  আস্থা বিশ্বাসৰ প্ৰশ্ন।

কাৰণ হাস্যকৰ আৰু তাৎপৰ্যপূৰ্ণ বিষয় হল যিগৰাকী যক্ষ্মা বিভাগৰ এম অ টি চি ডাঃ কুম্বাংৰ নাম প্ৰত্যক্ষভাৱে সাঙোৰ খাইছে এই ভুৱা যক্ষ্মা ৰোগী সজোৱা কাণ্ডত সেই গৰাকী বিষয়াকে তদন্ত সমিতিত অন্তৰ্ভুক্ত কৰিছে জিলা  স্বাস্থ্য বিভাগে । নিজৰ বিভাগৰ গাফিলতি , দায়িত্বহীনতা ,অকমন্যতাৰ অংশীদাৰ হোৱা চিকিৎসক গৰাকীয়ে নিজেই তদন্ত কৰি কিমান স্বচ্ছ আৰু নিকা প্ৰতিবেদন দিব সেয়া সহজেই অনুমেয় ।

উত্থাপিত অভিযোগ মতে জিলা যক্ষ্মা দূৰীকৰণ আঁচনিৰ জিলা বিষয়া (ডি টি অ) ডাঃ হৃদয়ানন্দ বৰুৱাৰ অতি ঘনিষ্ঠ , এগৰাকী  "লেবৰেটৰী টেকনিছিয়ান" অচ্যুত দত্তক সুৰক্ষিত কৰিবলৈ জিলা স্বাস্থ্য বিভাগে এই নির্লজ কৌশল অৱলম্বন কৰিছে ।  ডাঃ বৰুৱাৰ দায়িত্বপ্ৰাপ্ত জিলা এইডছ নিয়ন্ত্ৰণ কোষৰ "লেবৰেটৰী টেকনিছিয়ান" হিচাবেও নিযুক্ত এইজন কৰ্মচাৰীক নিশ্চিত সংকটৰ পৰা উদ্ধাৰ আৰু  সুৰক্ষিত কৰিবলৈ জিলা বিষয়া গৰাকী কিমান সফল হয় সেয়া পৰৱৰ্তী সময়ত দৃষ্টি ৰখা হব । 

ইপিনে ঢকুৱাখনা মহকুমা প্ৰশাসনে এই স্পৰ্শকাতৰ কাণ্ড সন্দৰ্ভত প্ৰকাশিত বাতৰি সংলগ্ন কৰি এদিনৰ ভিতৰতে প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছিল ঢকুৱাখনা মহকুমা স্বাস্থ্য বিষয়াক । কিন্তু অতিৰিক্ত উপায়ুক্ত কাৰ্ত্তিক কলিতাৰ নিৰ্দেশো অমান্য কৰি বাতৰি লেখা পৰ্যন্ত এই প্ৰতিবেদন দাখিল কৰা নাই বুলি বুধবাৰে বিয়লি কাৰ্য্যালয়ৰ সূত্ৰই জনালে  । ইপিনে এই সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ বৃহস্পতি বাৰে ঢকুৱাখনালৈ আহিব জিলা স্বাস্থ্য বিভাগৰ দায়িত্ব প্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত গৌতম প্ৰিয়ম মহন্ত।

জিলা ,মহকুমা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ নিদ্ৰা শৰণকাৰী এই বেপৰোৱা কাণ্ডৰ অধিক ৰহস্য উদ্ঘাটন হৈছে "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধানত । উন্মোচিত এই জঘন্য  কাণ্ডজ্ঞানহীনতাৰ গুৰুত্বপূৰ্ণ তথ্য ফাদিল কৰা হব পৰৱৰ্তী প্ৰতিবেদনত ।