মুখ্য-পৃষ্ঠা

চৰাইদেউ চলা সংৰক্ষিত বনাঞ্চলত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ধনেশ পক্ষী...

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ চলা সংৰক্ষিত বনাঞ্চলত বৃদ্ধি পাইছে ধনেশ পক্ষী সংখ্যা ৷ বৰ্তমান বিলুপ্তি ঘটা এই পক্ষী বিধ চলা বনাঞ্চলত এতিয়া ১৬টা পৰা ৩২টালৈ বৃদ্ধি পাইছে।

উল্লেখ যে চৰাইদেউ জিলাৰ মথুৰাপুৰ সমীপৱৰ্তী চলাপথাৰ শ্যাম গাঁৱৰ গাতে লাগি থকা চলা বনাঞ্চলখন সুৰক্ষিত কৰাৰ লগতে ইয়াক সংৰক্ষণ কৰাৰ বাবে চলা গ্রাম্য অভয়াৰণ্য সুৰক্ষা সমিতি নামেৰে গঠন হোবা স্বেচ্ছাসেৱী সংগঠনটোৱে  বিভিন্ন কাৰ্য পন্থা গ্ৰহণ কৰি আছে ৷ বিগত কেইবছৰমানৰ পৰা নানা অর্কিড, বন্য জীৱ-জন্তু আৰু মূল্যৱান গছ-গছনিৰে ভৰা এই বনাঞ্চলখন এচাম দুষ্কৃতিকাৰীৰ কবলত পৰি অস্তিত্বৰ সংকটত পৰিছিল।

স্থানীয় চলাপথাৰ শ্যাম গাঁবৰ বাসিন্দাই ২০১৮ চনত স্থানীয় ৰাইজ, প্ৰকৃতি প্ৰেমী দল-সংগঠনৰ লগত আলোচনা কৰি ইয়াক সংৰক্ষণৰ প্রচেষ্টা লৈ পৱবর্তী কালত বনাঞ্চলখনক চলা গ্রাম্য অভয়াৰণ্য হিচাপে নামকৰণ কৰি  বিভাগীয় কর্তৃপক্ষৰে আলোচনাত মিলিত হৈ বনাঞ্চলখন সুৰক্ষিত কৰাত এলানি পদক্ষেপ গ্রহণ কৰিছে।

সংশ্লিষ্ট বনাঞ্চলখনক সুৰক্ষা দিবলৈ গাঁওবাসীয়ে চলা গ্রাম্য অভয়াৰণ্য সুৰক্ষা সমিতি নামৰ এক অনুষ্ঠান গঠন কৰি দাঁতিকাষৰীয়া অন্যান্য অঞ্চলৰ লোকৰ সহযোগত বনাঞ্চলখনক চোৰাং কাঠ ব্যবসায়ীৰ উপদ্রব পৰা ৰক্ষা কৰিবলৈ নিজাববীয়াকৈ নৈশ পহৰাৰ ব্যৱস্থা কৰে। এই নৈশ পহৰাৰ  ব্যৱস্থাব বাবে লাহে লাহে বনাঞ্চলখনত বন ধ্বংস যজ্ঞ সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে।

ইয়াৰ উপৰি বনাঞ্চলখনৰ পাৰিপার্শ্বিক পৰিৱেশ সুৰক্ষিত আৰু সংৰক্ষণ কৰিবলৈ ধাৰাবাহিকভাৱে গছপুলি ৰোপণ আৰু অভয়াৰণ্যখনৰ কাষৰীয়া প্রতিখন গাঁৱত অৰণ্যখন সংৰক্ষণত জনসচেতনতা বৃদ্ধিৰ প্রয়াস কৰে। বিশেষকৈ অৰণ্যখনত থকা পণ্ড পক্ষীৰ সংৰক্ষণ এই সজাগতা সভাত অধিক গুৰুত্ব দিয়া হৈছিল। যাৰ ফলত বনাঞ্চলখনত সম্প্রতি ধনেশ পক্ষীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

সুৰক্ষা সমিতিয়ে জানিবলৈ দিয়ামতে আজিৰ পৰা তিনি বছৰৰ আগতে দুটা-এটা ধনেশ পক্ষী থকাৰ বনাঞ্চলখনত বৰ্তমান  ১৬ টালৈ বৃদ্ধি পোৱা লগতে দাঁতিকাষৰীয়া গাঁওসমূহত ধনেশ পক্ষীৰ সংখ্যা ৩২ টালৈ বৃদ্ধি পাইছে।