মুখ্য-পৃষ্ঠা

ধেমাজি মহাবিদ্যালয়ত ৩অধ্যাপকক দু-ব্যৱহাৰ অধ্যক্ষৰঃ অধ্যাপকৰ পদত্যাগ পত্ৰ দাখিল

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে মঙলবাৰে মহাবিদ্যালয়ৰ ৩ সহকাৰী অধ্যাপকক দু-ব্যৱহাৰ কৰা কাৰ্য্যকলৈ বুধবাৰে মহাবিদ্যালয়ৰ পৰিবেশ উত্তাল হৈ থকা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক গোটে একত্ৰিত হৈ বুধবাৰে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজাৰলৈকে ২ঘন্টাত কৈ অধিক সময় ধৰি মহাবিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে।

অধ্যক্ষৰ এনে কাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ন্যায় বিচাৰে মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক গোটে। উল্লেখ্য যে মহাবিদ্যালয়খনৰ শিক্ষাতত্ত্ব বিভাগৰ ৩ সহকাৰী অধ্যাপক ক্ৰমে লোহিত ভূঞাঁ , কুশল পেগু আৰু পূৰ্বালী চমুৱাই বিগত ২০০৯ চনতে স্থাপিত হোৱা বিভাগটোত কৰ্মৰত নূন্যতম মজুৰি বৃদ্ধি কৰিবৰ বাবে বিনম্ৰতাৰে অধ্যক্ষ গৰাকীৰ কাৰ্য্যালয়ত গৈ তিনিওৱে অনুৰোধ জনাইছিল৷

৩ সহকাৰী (ঠিকাভিত্তিক) অধ্যাপকে মজুৰি বৃদ্ধি কৰা কথা কোৱা লগে-লগেই অধ্যক্ষই ডাংকোপ মাৰি এই বিভাগটোৰ লৈ কোনো পুঁজি নাই,প্ৰয়োজন হ'লে শিক্ষাতত্ত্ব বিভাগটো মহাবিদ্যালয় পৰা বন্ধ কৰি দিয়া হ'ব বুলি উচ্চ বাক্য কৰে ৷ উপায়ন্তৰ তিনি অধ্যাপকে অন্য বিভাগৰ মজুৰিৰ লগত তুলনা কৰি তেওঁলোককো দিয়া কথা কোৱা লগে লগেই অধ্যক্ষ গৰাকীয়ে উত্তেজিত হৈ কয় যে, "হু আৰ ইউ,গেট আউট,এতিয়াই পদত্যাগ পত্ৰ দিয়া,ক'ৰ পৰা পাছ কৰিছা" ইত্যাদি তাচ্ছিল্য সূচক বাক্যৰে দু-ব্যৱহাৰ কৰি তেওঁলোকক কোঠাৰ পৰা বাহিৰ কৰি দিয়ে ৷

বছৰ বছৰ ধৰি শিক্ষকতা কৰি থকা তিনি অধ্যাপকক এনে দু-ব্যৱহাৰ বিষয়কলৈ লজ্জাবোধ কৰি তিনি অধ্যাপকে ধেমাজি মহাবিদ্যালয়ৰ শিক্ষক গোটক লিখিত ভাৱে বিষয়টো অৱগত কৰিছিল ৷

বুধবাৰে প্ৰতিবাদী সভাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলে অধ্যক্ষ গৰাকীয়ে কৰি অহা মইমতালি,তিনি শিক্ষকক কৰা এনে দু-ব্যৱহাৰ কেতিয়াও সহ্য কৰা ন'হব বুলি সকিয়াই দিয়ে। লগতে মহাবিদ্যালয়ত অধ্যক্ষ গৰাকীয়ে বিগত দিনত শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন দিশত মানসিকভাৱে অত্যাচাৰ কৰি অহা ক্ষোভৰ বিস্ফোৰণ ঘটায়৷

আনহাতে প্ৰতিবাদী সভাত এগৰাকী ছাত্ৰীয়ে প্ৰতিবাদী ভাষনৰ মাজতে মহাবিদ্যালয়ৰ শৈক্ষিক পৰিবেশ বিনষ্ট হ'ব লগা হোৱা আৰু মহাবিদ্যালয়ৰ তিনি অধ্যাপকে পদত্যাগ কৰি আতৰি যাব লগা হোৱা পৰিবেশৰ বাবে ছাত্ৰী গৰাকীয়ে দুখ প্ৰকাশ কৰি আবেগিক হৈ কান্দি উঠে ৷

ইফালে অধ্যক্ষই মহাবিদ্যালয়খনৰ আন ৩গৰাকী জ্যেষ্ঠ শিক্ষক ক্ৰমে মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ ক্ষীৰোদ গগৈ, বুৰঞ্জী বিভাগৰ অতুল দাস আৰু ৰাজনৈতিক বিভাগৰ ড° উপেন কোচৰ পদোন্নতি সম্পৰ্কীয় ফাইল সম্পূৰ্ণ তিনি মাহত কৈ অধিক সময় ধৰি নিজৰ খেয়ালখুচিতে ৰাখি তেওঁলোকক প্ৰাপ্য পদোন্নতি পৰা বঞ্চিত কৰি আৰ্থিকভাৱে অপুৰণীয় ক্ষতি কৰি মানসিকভাৱে হাৰাশাস্তি কৰা বুলিও অধ্যক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।