মুখ্য-পৃষ্ঠা

ধেমাজিত বানপানীঃ দুই নদীৰ ভয়ংকৰ ৰূপ...

Asomiya Pratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ এইবাৰ গাই আৰু লেচীয়া নদীয়ে ধেমাজি ৰাজহচক্ৰ অন্তৰ্গত গোঁহাই গাঁও পঞ্চায়তৰ আমগুৰি , বাম গাওঁ ,বৰাচিৰা আদি বহুকেইখন গাঁবৰ ঘৰ পথাৰ জলমগ্ন কৰিছে ৷

বিশেষকৈ এই নদী দুখনৰ বাঢ়নী পানীয়ে ধেমাজি মৰিধলৰ পৰা চিচিকলঘৰলৈ সংযোগী গোঁহাই গাঁৱৰ হৈ যোৱা জলসম্পদ বিভাগৰ এটা গুৰুত্বপূৰ্ণ মথাউৰিত আঘাত কৰাত চপৰা চপৰে খহিবলৈ আৰম্ভ কৰিছে ৷

ফলত শনিবাৰে পুৱাৰে পৰা উক্ত মথাউৰিটো ধেমাজি জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত যুদ্ধকালীনভাৱে মেৰামতিৰ বাবে তৎপৰতা অৱলম্বন কৰিছে ৷ জিঅ বেগ আৰু জিউ মেট আৰু বাঁহ দি মথাউৰিটো সুৰক্ষিত কৰাৰ বাবে উঠিপৰি লাগিছে ৷

লক্ষনীয় যে এই মথাউৰিটো বিছিন্ন হ’লে ধেমাজি নগৰৰ পাশ্বৱৰ্তী অঞ্চলত গাই নদীয়ে প্লাৱন কঢ়িয়া অনা আশংকা কৰি স্থানীয় ৰাইজে শংকিত হৈ আছে ৷