মুখ্য-পৃষ্ঠা

বিষাক্ত পাৰ্থেনিয়ামৰ সন্দৰ্ভত ধেমাজিত সজাগতা অভিযান...

Asomiya Pratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি জিলাৰ ডিৰপাইস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান( আই এ আৰ আই)ৰ উদ্যোগত যোৱা ১৬ পৰা ২২ আগষ্টলৈকে জিলাখনত বিষাক্ত গছ পাৰ্থেনিয়ামৰ বিৰূপ প্ৰভাৱৰ বিষয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক সংবেদনশীল কৰিবলৈ সজাগতা অভিযান সপ্তাহ অনুষ্ঠিত কৰে। অভিযানত শলকবাৰী জনজাতি হাইস্কুল আৰু ডাইমণ্ড মিছন স্কুলকে ধৰি গোগামুখ অঞ্চলৰ মুঠ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানৰ আৰম্ভণিতে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ কেম্পাছ প্ৰভাৰী ড° লোহিত কুমাৰ বৈশ্যই মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷ অনুষ্ঠানত উপস্থিত থকা আইচিআৰ -ভাৰতীয় বীজ বিজ্ঞান প্ৰতিষ্ঠান, মৌৰ সঞ্চালক ড° সঞ্জয় কুমাৰ, ড° ৰবীন গগৈ উপৰিও ড° আমজাদ কে বালাংগে , ড° উৎপল ভট্টাচাৰ্য, জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী কেভিকে, লংডিঙকো আইএআৰআই ফালৰ পৰা আদৰণি জনোৱা হয় ৷

অনুষ্ঠানত ড° উৎপল বৰুৱা, ছিনিয়ৰ বিজ্ঞানী আৰু মুৰব্বী কেভিকে, অৰুণাচল প্ৰদেশৰ বৈজ্ঞানিকসকলে পাৰ্থেনিয়ামৰ বিৰূপ প্ৰভাৱ আৰু আমাৰ ওচৰৰ ঠাইৰ পৰা এই মাৰাত্মক গছ নিৰ্মূলৰ বাবে কেনেধৰনে ব্যৱস্থা গ্ৰহনৰ সম্পৰ্কে দৰ্শকক অৱগত কৰে। ড° লোহিত কুমাৰ বৈশ্যই পাৰ্থেনিয়ামৰ পৰিচয়, জীৱনচক্ৰ, মানুহৰ লগতে জীৱ-জন্তুৰ বাবে হোৱা বিৰূপ স্বাস্থ্যজনিত বিপদ, শস্যৰ ওপৰত ইয়াৰ প্ৰভাৱ আৰু শেষত নিয়ন্ত্ৰণ ব্যৱস্থা ৰাসায়নিক আৰু জৈৱিক উভয়ৰ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ উপস্থাপন আগবঢ়ায়।

অনুষ্ঠানত আই এ আৰ আই অসমৰ আই/চি পি এম ই চেলৰ জ্যেষ্ঠ বৈজ্ঞানিক ড০ অৰ্পন ভৌমিকে পাৰ্থেনিয়াম সজাগতা সপ্তাহত বিভিন্ন আই চি এ আৰ প্ৰতিষ্ঠান সমূহে চলাই থকা দেশজোৰা সজাগতা অভিযানৰ বিষয়ে ৰাইজক অৱগত কৰে। কাৰ্যসূচীত ড° সুনীল মাণ্ডী আৰু ড° ভাগীৰথ দাসকে ধৰি ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান অসমৰ সকলো বিষয়া - কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।