এই মুহূৰ্তৰ খবৰ 
মুখ্য-পৃষ্ঠা

অৱশেষত আত্মসৰ্মপণ ধিঙৰ দলৱদ্ধ বলাৎকাৰ কাণ্ডৰে জড়িত দুই অভিযুক্তৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত আৰক্ষীৰ ওচৰত আত্মসৰ্মপণ কৰিলে ধিঙৰ দলৱদ্ধ বলাৎকাৰ কাণ্ডৰে জড়িত দুই অভিযুক্তই। দুসপ্তাহৰো অধিক সময় পলাই থকাৰ পাছত দুই অভিযুক্ত ক্ৰমে গোলাপ হুছেইন আৰু ফৰিৰুল ইছলামে আত্মসৰ্মপণ কৰে। উল্লেখযোগ্য যে, এই বৰ্বৰ কাণ্ডৰে জড়িত তফাজ্জুল ইছলাম নামৰ মূল অপৰাধী গৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি দোষীক কৰায়ত্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও এই ঘটনাক লৈ কঠোৰ হৈছিল। ধিঙৰ ঘটনাই সামূহিক বিবেকক আঘাত কৰিছে বুলি তেওঁ উল্লেখ কৰিছিল । এই ঘটনাৰে জড়িত দোষীক ৰেহাই দিয়া নহ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতে তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ হৈছিল ।