মুখ্য-পৃষ্ঠা

১৪খন দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে আৰম্ভ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ, ২০২৪...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু গুৱাহাটীস্থিত সাহিত্য-সাংস্কৃতিক অনুষ্ঠান ‘ফ'কেল’ (Focal)ৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে ‘ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ, ২০২৪’। স্থানীয় ‘ৰংঘৰ প্ৰেক্ষাগৃহ’ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আদৰণি ভাষণেৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকাই। আদৰণি ভাষণত উপাচাৰ্যগৰাকীয়ে কয়, “এই সাহিত্য মহোৎসৱত বিশ্বৰ ১৪ খন দেশৰ আগশাৰীৰ লেখক-সাহিত্যিকে অংশগ্ৰহণ কৰিছে।

মুঠ ৩২ টা অনুষ্ঠানত তেখেতসকলে অংশগ্ৰহণ কৰি মনৰ ভাৱ প্ৰকাশ কৰিব। এই প্ৰয়াসে আমাৰ ছাত্ৰ সমাজক প্ৰভূত উপকাৰ সাধন কৰিব। সাহিত্য আৰু সংস্কৃতিৰ সাধনাই এটা জাতিক আগুৱাই যোৱাত ইন্ধন যোগায়। অসমীয়া সাহিত্যৰো এক সুদৃঢ় ইতিহাস আছে। মই আশা ৰাখিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱে নতুনৰ দুৱাৰ উন্মোচিত কৰাত আমাক সহায় কৰিব।’’

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্ঞানপীঠ বঁ‌টাৰে বিভূষিত, সাহিত্য অকাডেমী বঁ‌টাপ্ৰাপক কোংকণি আৰু ইংৰাজী ভাষাৰ অন্যতম প্ৰতিথযশা সাহিত্যিক দামোদৰ মাউজো। ভাষণ প্ৰসংগত সাহিত্যিকগৰাকীয়ে কয়, “পঠনে সাহিত্যৰ প্ৰসাৰত ইন্ধন যোগায়। পঠনে পঢ়ুৱৈ আৰু লেখকৰ মাজত সংযোগ সাধনৰ মাধ্যম হিচাপে থিয় দিয়ে। এখন ঠাই ভ্ৰমণ কৰিবলৈ গ’লে আমি সেই ঠাইখনৰ কেৱল নৈসৰ্গিক শোভাহে দেখা পাওঁ। সেই ঠাইৰ সাহিত্য অধ্যয়ন কৰিলে আমি ঠাইখনৰ মানুহৰ মনন-চিন্তন আৰু সাংস্কৃতিক কালিকাৰ সৈতে সুগভীৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হওঁ‌। সাহিত্যই ভাষিক সীমনা অতিক্ৰম কৰি গৈ বিশ্ব ভাতৃত্ববোধ গঠনত সহায় কৰে।

তদুপৰি, একমাত্ৰ সাহিত্যইহে নতুন প্ৰজন্মৰ মননক গভীৰভাৱে প্ৰভাৱিত কৰিব পাৰে। তাৰ বাবে লেখক-সাহিত্যিক সকলে নিজকে যুঁ‌জাৰুৰ ভূমিকাত অধিস্থিত কৰিব পাৰিব লাগিব। সাহিত্যই প্ৰেম আৰু কৰুণাৰ বাৰ্তা বহন কৰিব লাগিব।’’ এই সাহিত্য মহোৎসৱৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ল'গ' ডিজাইনিঙৰ এক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে নিৰ্বাচিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কম্পিউতাৰ বিজ্ঞান আৰু অধ্যয়ন কেন্দ্ৰৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ পল্লৱ কলিতাক ৫০০০ টকা আৰু মানপত্ৰেৰে পুৰষ্কৃত কৰা হয়।

উল্লেখ্য যে এই আদৰণি অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো বিভাগৰ শিক্ষক,অৱসৰপ্ৰাপ্ত শিক্ষক, মহাবিদ্যালয় সমূহৰ একাংশ অধ্যক্ষ, গৱেষক, ছাত্ৰ ছাত্ৰী, সাহিত্যানুৰাগী আৰু লেখক-সাংবাদিক উপস্থিত থাকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে জনোৱা অনুসৰি এই সাহিত্য মহোৎসৱত ভাৰতসহ বিশ্বৰ ১৪ খন দেশৰ আগশাৰীৰ লেখক-সাহিত্যিকে অংশগ্ৰহণ কৰিছে। এই মহোৎসৱত ভাগ লোৱা অসমৰ সাহিত্যিকসকলৰ ভিতৰত আছে অনুৰাধা শৰ্মা পূজাৰী, অৰিন্দম বৰকটকী, অৰূপ কুমাৰ দত্ত, অৰূপজ্যোতি শইকীয়া, ধ্ৰুৱ হাজৰিকা, ডাঃ অৰূপ কুমাৰ শইকীয়া, জয়ন্ত নাৰায়ণ চৌধুৰী, জীৱন নৰহ, জুৰি বৰা বৰগোহাঞি, অংকুশ শইকীয়া, মৃদুল বৰদলৈ, ড° নম্ৰতা পাঠক, ডাঃ নিৰ্মল কুমাৰ চাহেৱালা, নীলিমা ঠাকুৰীয়া হক, পল্লবী ডেকা বুজৰবৰুৱা, প্ৰহ্লাদে চন্দ্ৰ তাছা আৰু সঞ্জীৱ পল ডেকা। স্মৰ্তব্য যে, অহা ২১ আগষ্টত বিয়লি ২ বজাৰ পৰা স্থানীয় ‘ৰংঘৰ প্ৰেক্ষাগৃহ’ত এই সাহিত্য মহোৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। উল্লেখ্য যে আজিৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে চলচিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই।

নিজৰ ভাষণত তেওঁ শৈশৱকালতে দেখা গাঁৱৰ গ্ৰন্থাগাৰটোৰ কথা উল্লেখ কৰে। এই গ্ৰন্থাগাৰটোৱে তেওঁৰ মননত গভীৰভাৱে ৰেখাপাত কৰিছিল আৰু কিবা এটা কৰিবলৈ উৎসাহিত কৰিছিল বুলিও কয়। তেঁও কয়, "পঢ়া-শুনা শেষ কৰাৰ পিছত আগলৈ কি কৰিম তাক লৈ মই বিবুধিত পৰিছিলোঁ। এনেতে এদিন দেউতাই কাষতে বহুৱাই লৈ মোক ক'লে যে মানুহৰ সন্মুখত দুটা পথ খোলা থাকে। এটা হৈছে সৃষ্টিৰ আৰু আনটো ধ্বংসৰ। মই সৃষ্টিৰ পথটোকে বাচি ল’লো। সাহিত্য আৰু ক'লা-সংস্কৃতিয়ে হাতত হাত ধৰি আগবাঢ়ে। মই আশাবাদী যে এই সাহিত্য মহোৎসৱে এক নতুন ধাৰা উন্মোচিত কৰিব।’’