মুখ্য-পৃষ্ঠা

পাকিস্তানী দুৰ্বৃত্তৰ হাতত প্ৰাণ গ'ল সাংবাদিক কামৰাণ দাৱাৰৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চলিত মাহৰ ভিতৰত পাকিস্তানত হত্যা কৰা তৃতীয়জন সংবাদ কৰ্মীক লৈ হতাশা প্ৰকাশ কৰিছে দা গ্লোবেল মিডিয়া চেফটি আৰু প্ৰেছ এম্বলেম কেম্পেইনে। ইছলামাবাদৰ চৰকাৰক অতি শীঘ্ৰে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি সকলো অপৰাধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান জনায়।

আৰক্ষীৰ মতে,উত্তৰ ৱাজিৰিষ্টানৰ মিৰামশ্বাহৰ নিৱাসী ডিজিটেল সাংবাদিক কামৰাণ দাৱাৰক ২১ মে’ত দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। দুৰ্বৃত্তৰ গুলীত আহত হোৱা পাছতে দুই নাবালিকা কন্যা সন্তানৰ পিতৃ কামৰাণে হাস্পতালত মৃত্যুক সাৱটি লয়।

পিইচিৰ সভাপতি ব্লেইজ লেম্পেনে এইদৰে কয় যে, 'কামৰাণ ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা সমগ্ৰ বিশ্বৰ ভিতৰত ৪৮ নং আৰু পাকিস্তানৰ ভিতৰত ৫ নং জাৰ্নো-ভিকটিম। তেওঁৰ হত্যাকাণ্ডক আমি গৰিহণা দিছো। পাকিস্তান চৰকাৰে সকলো সাংবাদিকৰ হত্যাকাণ্ডৰ তদন্ত কৰিব লাগিব আৰু দোষীক শাস্তি দিব লাগিব যাতে তেওঁলোক সাৰি যাব নোৱাৰে।' লগতে কয় যে ভুক্তভোগীৰ ন্যায়ৰ বাবে যুঁজ দিয়াক লৈ স্থানীয় সংবাদ সংস্থা মিৰানশ্বাহ প্ৰেছ ক্লাবক পিইচিয়ে নৈতিক সমৰ্থন আগবঢ়াইছে।

পিইচিৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰতিনিধি নৱ ঠাকুৰীয়াই প্ৰকাশ কৰে যে, কামৰাণ ছ'চিয়েল মিডিয়াত অতি সক্ৰিয় আছিল আৰু নিয়মিতভাৱে নিজৰ ইউটিউব চেনেল আৰু ফেচবুক নিউজ চেনেলৰ জৰিয়তে নিজৰ স্থানীয় অঞ্চলৰ প্ৰাসংগিক সামাজিক বিষয়সমূহৰ ওপৰত বাতৰি পৰিৱেশন কৰিছিল।

৩ মাহ পূৰ্বে কামৰাণক অচিনাক্ত লোকে ফোনযোগে ভাবুকি দিছিল। এই কথা তেওঁ সাংবাদিক বন্ধুসকলক জনাইছিল। লগতে তেওঁ কয় যে, কামৰাণৰ পূৰ্বে ৰাষ্ট্ৰখনে এই বছৰতে মেহৰ আছফাক ছিয়াল, মৌলানা মহম্মদ ছিদ্দিক মেংগাল, জাম ছাঘিৰ আহমেদ লাৰ আৰু তাহিৰা নোছিন ৰানাক হেৰুৱাইছিল।