মুখ্য-পৃষ্ঠা

শ্ৰী শ্ৰী নৰোৱা বালি সত্ৰ-কুজি সত্ৰৰ ঐতিহাসিক সমল-পুথিৰ ডিজিটাইজেশ্যন...

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ংঃ শ্ৰী শ্ৰী নৰোৱা বালি সত্ৰ আৰু শ্ৰী শ্ৰী নৰোৱা কুজি সত্ৰত উপলব্ধ ঐতিহাসিক তথা দুষ্প্ৰাপ্য সমল আৰু পুথিসমূহ সংৰক্ষণত এক প্ৰসংশনীয় পদক্ষেপ হাতত লৈছে। অসমৰ প্ৰখ্যাত বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞা সোঁৱৰণী ন্যাস আৰু ভাৰতীয় ৰাষ্ট্ৰীয় কলা সংস্কৃতি ঐতিহ্য ন্যাসে এই ঐতিহাসিক তথা দুষ্প্ৰাপ্য সমল আৰু পুথিসমূহ সংৰক্ষণ কৰি ডিজিটাইজেশ্যন কৰি উলিয়াইছে।

এই ডিজিটেলাইজ সংস্কৰণটি শনিবাৰে আনুষ্ঠানিকভাৱে দুয়োখন সত্ৰৰ প্ৰতিনিধিৰ হাতত অৰ্পন কৰা হয়। এই উপলক্ষে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দুয়োখন সত্ৰৰ প্ৰতিনিধিক আনুষ্ঠানিকভাৱে ডিজিটেল সংস্কৰণ দুটা অৰ্পন কৰে।

অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বিশিষ্ট লেখক, সাংস্কৃতিক কৰ্মী আৰু ভাৰতীয় ৰাষ্ট্ৰীয় কলা সংস্কৃতি ঐতিহ্য ন্যাসৰ সহ আহ্বায়ক স্বপ্ননীল বৰুৱা। তেওঁ কয় যে মৰিগাঁও জিলাখনত ২২ খন সত্ৰ আছে আৰু এই সত্ৰসমূহত বহু প্ৰাচীন পুথি, মূৰ্তি আৰু মূল্যৱান সামগ্ৰী আছে। এই প্ৰাচীন পুথি আৰু সামগ্ৰীসমূহে আমাক ইতিহাসবিজৰিত বহু কাহিনীৰ সমল দিব পাৰে। ইয়াৰ উচিত সংৰক্ষণে গৱেষণা আৰু অধ্যয়নৰ বাট মুকলি কৰিব পাৰে।

তেওঁ কয় যে সূৰ্যকুমাৰ ভূঞা সোঁৱৰণী ন্যাস আৰু ভাৰতীয় ৰাষ্ট্ৰীয় কলা সংস্কৃতি ঐতিহ্য ন্যাস চমুকৈ ইন্টেকে এইসমূহ দৃষ্টিভংগী আগত লৈয়ে ইয়াৰ সংৰক্ষণৰ বাবে প্ৰয়াস চলাই আহিছে।

অনুষ্ঠানত বিশিষ্ট লেখিকা আৰু ইন্টেকৰ আহ্বায়ক ডঃ শীলা বৰাই কয় যে ১৯৮৪ চনৰ ২৭ জানুৱাৰীত আনুষ্ঠানিকভাৱে গঠন কৰা ইন্টেক এটা ঐতিহ্য সংৰক্ষণ সংস্থা। ভাৰতৰ ইতিহাসবিজৰিত সমলসমূহ চিনাক্তকৰণ, নথিভুক্ত কৰা, সংৰক্ষণ কৰা আৰু জনসাধাৰণৰ বাবে সুলভ কৰি তোলাৰ লক্ষ্যৰে ইন্টেক গঠন কৰা হৈছিল। ২০২২ চনত ইণ্টেকৰ অসম অধ্যায়ৰ সহযোগত শ্ৰীশ্ৰীনৰোৱা কুজী সত্ৰ আৰু শ্রীশ্রী নৰোৱা বালি সত্ৰত পাণ্ডুলিপি সংৰক্ষণৰ কাম আৰম্ভ কৰা হয়।

তেওঁ কয় যে সত্রসমূহত পাণ্ডুলিপি ৰূপত সংৰক্ষিত সামগ্ৰীসমূহেই হৈছে মধ্যযুগৰ লিখিত তথ্যৰ প্ৰধান উৎস। পুথিসমূহে মধ্যযুগীয় অসমৰ আটাইতকৈ প্রামাণিক সাক্ষ্যই নহয়, জীৱনৰ কি কি দিশ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছিল, তাৰো অভিলেখ দাঙি ধৰে।

সভাত জিলা আয়ুক্তগৰাকীয়ে এই কাৰ্যৰ শলাগ লয় আৰু মৰিগাঁও জিলাৰ আন সত্ৰসমূহৰো ঐতিহাসিক সমলসমূহৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই সংৰক্ষিত সমলসমূহ নতুন প্ৰজন্মৰ মাজলৈ উলিয়াই দিব পাৰিলে সংৰক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। অনুষ্ঠানত সূৰ্যকুমাৰ ভূঞা সোঁৱৰণী ন্যাসৰ ট্ৰাষ্টী সচিব লয়া সিনহাই কয় যে ২০১৪ চনত গঠন হোৱা সূৰ্য্য কুমাৰ ভূঞা সোঁৱৰণী ন্যাস অসমৰ উত্তৰ গুৱাহাটীৰ ফেকাল্টী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাবিদ তথা স্বত্বাধিকাৰী প্রয়াত বন্তি ভূঞাৰ সৃষ্টি। ট্রাষ্টৰ দীর্ঘম্যাদী লক্ষ্য হ'ল ড° ভূঞাৰ সম্পূৰ্ণ ৰচনাসমূহৰ সংকলন আৰু প্ৰকাশ আৰু তেওঁৰ কিছুমান মহান গ্রন্থ ইংৰাজীলৈ অনুবাদ কৰা। ন্যাসে ড° সূৰ্য কুমাৰ ভূঞাৰ বুৰঞ্জী অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰাৰ লগতে চাৰিখন বুৰঞ্জী ইতিমধ্যে প্রকাশ কৰিছে। আৰু ৫ খন বুৰঞ্জী প্ৰকাশৰ পথত বুলি তেওঁ কয়।

উল্লেখ্য যে সূৰ্যকুমাৰ ভূঞা সোঁৱৰণী ন্যাসৰ প্রতিষ্ঠানিক আৰু আর্থিক সহযোগত প্রকল্প সঞ্চালক হিচাপে অধ্যাপক শীলা বৰা আৰু স্বপ্ননীল বৰুৱাৰ নেতৃত্বত সংৰক্ষকৰ এটা দলে শ্ৰীশ্ৰী নৰোৱা কুজী সত্ৰ আৰু শ্ৰীশ্ৰী নৰোৱা বালি সত্ৰত বহুমূলীয়া সাঁচিপাত, পাণ্ডুলিপি পুনৰুদ্ধাৰ আৰু প্রতিমূর্তি আদি মেৰামতিৰ কাম আৰম্ভ কৰে।

ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ, ধিঙৰ সাধাৰণ সম্পাদক মৃদুমৌচম বৰাক প্ৰকল্পটোৰ প্ৰধান সমন্বয়ক হিচাপে নিযুক্তি দিয়া হয় আৰু তেওঁক নগাঁৱৰ ধিঙৰ এপিটম কম্পিউটাৰ চেন্টাৰৰ মেনেজাৰ হিচাপে সংহতি অধিকাৰী আৰু মেনেজাৰ পাপু দাসে সত্ৰৰ পাণ্ডুলিপিসমূহ ডিজিটেলাইজেচনত সহায় কৰে।

সংৰক্ষণৰ দিশসমূহ তত্ত্বাৱধান কৰে সংহতি অধিকাৰীয়ে। দুয়োটা স্থানতে স্থানীয় যুৱক-যুৱতীক প্রশিক্ষণ প্রদান কৰি কামত নিয়োজিত কৰা হয়। পাণ্ডুলিপিসমূহ অতি বিজ্ঞানসন্মত পদ্ধতিৰে আৰু মূৰ্তিসমূহ প্ৰাকৃতিক হেঙুল হাইতাল ৰং ব্যৱহাৰ কৰি শোধন, সংৰক্ষণ আৰু ডিজিটেলাইজেশ্যন কৰা হৈছে।

শ্রীশ্রীনৰোৱা কুজি সত্রত মুঠ পাণ্ডুলিপিৰ সংখ্যা ২২৭ টা। ফলিঅ'ৰ সংখ্যা ৪০৯৩ টা আৰু ডিজিটেলাইজড ছবিৰ সংখ্যা ৮০১৬ খন। আনহাতে শ্রীশ্রীনৰোৱা বালি সত্রত পাণ্ডুলিপিৰ সংখ্যা ৩৭০ টা, ফলিঅ'ৰ সংখ্যা ৬২২১ টা আৰু ডিজিটেলাইজড ছবিৰ সংখ্যা ১১২৮২ খন। আজিৰ অনুষ্ঠানতে এই প্ৰকল্পৰ সৈতে নিয়োজিত যুৱক-যুৱতীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।