মুখ্য-পৃষ্ঠা

কংগ্ৰেছ জিকিলে EVM ভাল আৰু হাৰিলে EVMক গালি পাৰেঃ দিলীপ শইকীয়া...

Asomiya Pratidin

ডিজিটেল সংবাদ, হাজোঃ হাৰিয়ানাত কংগ্ৰেছৰ পৰাজয়ক লৈ দুৰ্গা পূজাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপি সাংসদ দিলীপ শইকীয়াই। শেহতীয়াকৈ হাজোত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি কংগ্ৰেছক কটাক্ষ কৰি সাংসদ গৰাকীয়ে কয় যে, কংগ্ৰেছ দলে কোনো ৰাজ্যত নিৰ্বাচন জয়ী হলে EVM মেচিন ভালে থাকে কিন্তু পৰাজয় হ’লে EVM মেচিন আৰু নিৰ্বাচনী আয়োগক গালি পাৰে।

বিজেপিৰ সাংসদগৰাকীয়ে লগতে কয় যে,  এই দুমুখীয়া নীতিৰ বাবে ভাৰতৰ মানুহে কংগ্ৰেছ দলক  মনৰ পৰা আঁতৰাই দিছে। উল্লেখ কৰা প্ৰয়োজন যে, হাজোত দুৰ্গা পূজা পৰিদৰ্শন কৰিবলৈ অহা সাংসদগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এনেদৰে কটাক্ষ কৰে কংগ্ৰেছ দলক।