মুখ্য-পৃষ্ঠা

আৰক্ষী বিষয়া সঞ্জয় শইকীয়াক বিশ্বনাথ জিলা প্ৰশাসনৰ সম্বৰ্ধনা

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ: আৰক্ষী বিভাগলৈ নিষ্ঠা, সততা আৰু দক্ষতাৰে আগবঢ়াই অহা অকৃত্ৰিম সেৱাৰ বাবে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় শইকীয়াক দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ মজিয়াত বৃহস্পতিবাৰে বিশ্বনাথ জিলা প্রশাসনে সম্বৰ্ধনা জ্ঞাপন কৰে। বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা আৰু সমবেত ৰাইজৰ উপস্থিতিত এখন ফুলাম গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰৰে তেওঁক এই সন্মান প্ৰদান কৰে বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।

এই উপলক্ষে বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ স্বাক্ষৰ সম্বলিত সম্বৰ্ধনা পত্ৰখনত উল্লেখ কৰি কোৱা হয় যে- "আপুনি আৰক্ষী বিভাগৰ এগৰাকী উপ-পৰিদৰ্শক হিচাপে বিভাগটোলৈ যি অকৃত্রিম সেৱা আগবঢ়াই আহিছে তাৰেই স্বীকৃতি স্বৰূপে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্র ক্ষণত আপোনাক সম্বর্দ্ধনা জনাবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছো। আপুনি বিশ্বনাথৰ জিলাৰ হেলেম আৰক্ষী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে আন্তৰিকতাৰে সেৱা আগবঢ়াই আহিছে। আপুনি বিভিন্ন গোচৰৰ অনুসন্ধান, অভিযোগ সাব্যস্ত, আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ আৰু সামুহিক কল্যানৰ হেতু আগবঢ়োৱা নেতৃত্বৰ বাবে আপুনি ধন্যবাদৰ পাত্র। আপোনাৰ নেতৃত্বতে কেইবাটাও গোচৰত অভিযুক্ত দোষী সাব্যস্ত হৈ জৰিমনা আৰু শাস্তিৰ সন্মুখীন হৈছে। কেবল এয়াই নহয় সাধাৰণ জনতাৰ সুৰক্ষা সুনিশ্চিত কৰি আপুনি আৰক্ষী আৰু জনসাধাৰনৰ মাজত সু-সম্পৰ্কৰ উন্নতি সাধন কৰাত সফল হৈছে।আপুনি বিভাগটোত কর্মদক্ষতা আৰু নিয়মানুবর্তীতাৰ চানেকি দাঙি ধৰি নিষ্ঠাবান বিষয়া হিচাপে কনিষ্ঠ সকললৈ প্ৰেৰণাও যোগাইছে।আপোনাৰ কৰ্মৰাজীৰ আমি বাৰুকৈয়ে শলাগ লৈছোঁ আৰু আজি স্বাধীনতা দিৱসৰ পবিত্র ক্ষণত আপোনাক যাঁচিছো অন্তহীন কৃতজ্ঞতা...।"

উল্লেখযোগ্য যে-যোৱা প্ৰায় ১০ মাহ পূৰ্বে হেলেম আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰা সঞ্জয় শইকীয়াই বৃহত্তৰ হেলেম অঞ্চলত অপৰাধ আৰু অপৰাধী কাৰ্য্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহাৰ লগতে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক মধুৰ কৰি তোলাৰ ক্ষেত্ৰতো বিভিন্ন ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি আহিছে। আৰক্ষী বিষয়া সঞ্জয় শইকীয়াৰ কৰ্মদক্ষতাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে তেওঁক আজি সম্বৰ্ধনা জ্ঞাপন কৰাত বৃহত্তৰ হেলেম অঞ্চলৰ ৰাইজে তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।