মুখ্য-পৃষ্ঠা

সদস্যতা অভিযান সন্দৰ্ভত ধুবুৰীত জিলা বিজেপিৰ সংবাদমেল

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰী: মঙলবাৰে ধুবুৰী জিলা বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ জিলা সভাপতি প্ৰসেনজিৎ দত্তৰ লগতে দলৰ শীৰ্ষ নেতৃত্বই এখন সংবাদ মেলৰ আয়োজন কৰে। সংবাদমেলত ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্তই সংবাদমেলত ধুবুৰী জিলাত বিজেপিৰ ফালৰ পৰা বৰ্তমানে সদস্যতা অভিযান আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰে।

জিলাখনৰ প্ৰতিটা মণ্ডল আৰু বুথত বিজেপিয়ে সদস্যতা দিয়াৰ বাবে সাজু হৈছে । এইবাৰ লক্ষ্য হৈছে যে যোৱা নিৰ্বাচনত বিজেপিয়ে যিমান ভোট লাভ কৰিছিলে তাৰে ভিতৰত ৭৫ শতাংশ লোকক বিজেপিৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা। দুই ধৰণৰ পৰ্যায়ত বিজেপিয়ে সদস্যতা অভিযান চলাব বুলি কৈ জিলা সভাপতি প্ৰসেনজিৎ দত্তই কয় যে, প্ৰথম পৰ্যায়ত ২ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰ লৈকে আৰু দ্বিতীয় পৰ্যায়ৰ সদস্যতা অভিযান ১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰ লৈকে চলিব বুলি জানিব পৰা গৈছে।

২০১৪ চনৰ পৰা ২০২৪ চনলৈকে ভাৰতত বিজেপিয়ে যি সমূহ উন্নয়নমূলক কাম কৰিছে সেই সমূহ ৰাইজৰ আগত দাঙি ধৰি সদস্যতা অভিযান চলাব বুলি ধুবুৰী জিলা বিজেপি সভাপতি প্ৰসেনজিৎ দত্তই জনায়। আজিৰ সংবাদমেলৰ পিছত বিজেপিৰ ধুবুৰী জিলা সভাপতিৰ লগতে বিভিন্ন নেতা কৰ্মীয়ে মোবাইল ফোনত অনলাইন যোগে সদস্যতা গ্ৰহণ কৰে ।